বৰপেটাৰ কয়াকুছিৰ পৰা ১৫৫ বস্তা চোৰাং চাউল জব্দ
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চ: বৰপেটাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে যোৱা মঙ্গলবাৰে নিশা কয়াকুছিৰ পৰা অবৈধভাবে সৰবৰাহ কৰা ৭৭.৫০ কুইন্টল চাউল জব্দ কৰিবলৈ সক্ষম হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ নিৰ্দেশক্ৰমে চলোৱা এই অভিযানত নিশা ১১.৩০ মান বজাত কয়াকুছি বজাৰৰ কাষত পথত পৰিত্যক্ত অৱস্থাত থকা এন এল ০১কে১৮৯৫ নং ট্ৰাকখনৰ পৰা এই চাউলখিনি উদ্ধাৰ কৰি জব্দ কৰা হয়। চাউলখিনি ১৫৫ টা হালধীয়া ৰঙৰ বস্তাত ভৰাই থোৱা অৱস্থাত পোৱা গৈছে যদিও এই সম্পৰ্কত এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ নেতৃত্বত চলোৱা এই অভিযানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক জগত জীৱন ডেকা আৰু যোগান পৰিদৰ্শক আশীষ বৰঠাকুৰেও অংশ লৈছিল। পিছত ট্ৰাকখন সহ সামগ্ৰীখিনি আৰক্ষীৰ হাতত গতাই দিয়া হয়। বৰপেটা আৰক্ষীয়ে এই সম্পৰ্কত এটি গোচৰ ৰুজু কৰি তদন্ত চলাই আছে। চাউলখিনি চোৰাংকৈ সৰবৰাহ কৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ চাউল বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে ইয়াৰ নমুনা যথা ৰীতি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জনসংযোগ বিষয়াই জনাইছে।
প্ৰেৰক আফতাব হুছেইন