নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত চিৰাঙৰ বাসুগাঁৱত বসন্ত উৎসৱ : গীতে-মাতে মুখৰ

নিয়মীয়া বাৰ্তা,১৮ মাৰ্চঃ দৌল পূৰ্ণিমাত সমগ্ৰ দেশতে হোলিৰ বিভিন্ন ৰঙৰ আনন্দ-উলাহে বিৰাজ কৰাৰ লগতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি হিচাপে পশ্চিম বংগত বছৰ বছৰ ধৰি চলি আহিছে ফাগুনৰ মহোৎসৱ ‘বসন্ত উৎসৱ’। কবিগুৰুৰ প্ৰাণকেন্দ্ৰ বোলপুৰৰ শান্তিনিকেতনত শুভাৰম্ভ হোৱা এই বসন্ত উৎসৱ আজি বিশ্বজুৰি বহুলভাৱে বিস্তাৰিত । তাৰেই উদাহৰণস্বৰূপে অসমৰ চিৰাং জিলাৰ বাসুগাওঁ চহৰতো তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হয় ফাগুনৰ এই বসন্ত উৎসৱ। সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেচনৰ বাসুগাওঁ আঞ্চলিক সমিতিৰ উদ্যোগত ১৮মাৰ্চ শুকুৰবাৰ অৰ্থাৎআজি বাসুগাওঁৰ পশ্চিম গোগলাপাৰা স্থিত ভৱানী ময়দানত ৰাতিপুৱা ৯ বজাৰ সলনি দুপৰীয়া প্ৰায় বাৰ বজাত আৰম্ভ কৰি আবেলি প্ৰায় ৩.৩০ বজাত সামৰণি পৰে । এই বসন্ত উৎসৱত বিভিন্ন নৃত্য-গীতৰ উপৰি জীই নীলৰ গীতে উপস্থিত সকলোকে আমোদ যোগায় । সকলোৱে গীতৰ তালে তালে পৰম উচ্ছাস-উদ্দীপনাৰে নৃত্য-গীতত নিমগ্ন হয় । আৰম্ভণিতে পতাকা উত্তোলন, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু মঞ উদ্ধোধন কৰা হয় । স্থানীয় বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ লগতে স্থানীয় জ্যেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱী সকল উপস্থিত থাকে । উল্লেখযোগ্য যে কাৰ্যসূচী অনুযায়ী গুৱাহাটী আৰু বঙাইগাঁওৰ দ্বাৰা পৰিচালিত সংস্কৃতি নৃত্য দল, বাসুগাওঁৰ তাল নৃত্য দল, সাৰদা নৃত্য গোষ্ঠীৰ সৈতে প্ৰায় কুৰিৰো অধিক নৃত্য আৰু নাট্য পৰিবেশন কৰা হয় উক্ত মঞ্চত। ইয়াৰ উপৰিও বিশিষ্ট যুব কণ্ঠশিল্পী জিউ নীলৰ সংগীতানুষ্ঠানৰ লগতে স্থানীয় শিল্পী সমাজে নৃত্য-গীত পৰিবেশন কৰে উক্ত অনুষ্ঠানত। কালপুৰুষ মিউজিনেকেল গ্ৰুপে সহযোগ আগবঢ়ায় জিউ নীলৰ গীতত । এইদৰে নৃত্য-গীত, নাট্য, আবৃত্তি আৰু সৰু ডাঙৰ সকলোৱে ৰঙৰ স্পৰ্শৰে এই বসন্ত উৎসৱ আনন্দৰে ভৰি উঠে । ফেডাৰেচনৰ আঞ্চলিক সভাপতি উত্তম চৌধুৰীয়ে দৃঢ় আশা প্ৰকাশ কৰে ইয়াৰ দ্বাৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি এই বসন্ত উৎসৱ যে আনন্দৰ যোগেদি জাতি-ধৰ্ম- ভাষা- বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত থকা সমন্বয়ৰ সেতু সুদৃঢ় কৰি তুলিব তেওঁ আশা প্ৰকাশ কৰে । আকৰ্ষণীয় অনুষ্ঠানটি সূচাৰূপে পৰিচালনা কৰে বিশাল পালে ।

You might also like