অষ্ট্রেলিয়ান অ’পেনৰ তৃতীয় ৰাউণ্ডত জক’ভিচ, ফেডেৰাৰ, ছেৰেনা
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ দ্বিতীয় বাছনিপ্রাপ্ত ছার্বিয়াৰ ন’ভাক জক’ভিচ, তৃতীয় বাছনিৰ ছুইজাৰলেণ্ডৰ ৰ’জাৰ ফেডেৰাৰ আৰু ষষ্ঠ বাছনিৰ ষ্টেফান’ছ টিটচিপাছে চলিত অষ্ট্রেলিয়ান অ’পেনৰ তৃতীয় ৰাউণ্ডত স্থান সুৰক্ষিত কৰিছে৷
অৱশ্যে গ্রেণ্ডশ্লামখনৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লয় অষ্টম বাছনিৰ মাটে’ বেৰেট্টিনি, অষ্টাদশ বাছনিৰ গ্রিগ’ৰ ডিমিট্র’ভে৷ দ্বিতীয় ৰাউণ্ডৰ মেচত জক’ভিচে টাটছুমা ইট’ক ৬–১, ৬–৪, ৬–২ ছেটত, ফেডেৰাৰে ফিলিপ ক্রাজিন’ভিচক ৬–১, ৬–৪, ৬–১ ছেটত পৰাস্ত কৰে৷
ইফালে, ফিলিপ ক’লস্ক্রেইবাৰে আঘাতৰ বাবে নাম প্রত্যাহাৰ কৰাত টিটচিপাছে অগ্রগতি লাভ কৰে৷ মহিলা শাখাৰ ছিংগলছত প্রাক্তন চেম্পিয়ন ছেৰেনা উইলিয়ামছৰ লগতে শীর্ষ বাছনিৰ এছলে বার্টি, তৃতীয় বাছনিৰ নাওমি অ’ছাকা, দশম বাছনিৰ মেডিছন কীয়ে তৃতীয় ৰাউণ্ডত স্থান সুৰক্ষিত কৰিছে৷
ইফালে, একাদশ বাছনিৰ ছাবালেংকাৰ লগতে ত্রয়োদশ বাছনিৰ পেট্রা মার্টিকে বিদায় লয়৷ আনহাতে, ক’ক’ গ’ফে ছ’ৰানা ক্রিষ্টিক পৰাস্ত কৰি গ্রেণ্ডশ্লামখনত আন এক চমক দেখুৱাবলৈ সক্ষম হৈছে৷