নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষড়যন্ত্রকাৰীৰ জালত ভৰি নিদিব : ৰাজনাথ সিং

‘কা’ক লৈ বিৰোধীক সমালোচনা প্রতিৰক্ষা মন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰে হিন্দু–মুছলিমৰ মাজত কোনো বৈষম্য নৰখাকৈ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিব বুলি যুক্তি প্রদর্শন কৰি কংগ্রেছসহ বিৰোধী দলক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ৷ ‘কা’ক লৈ অপপ্রচাৰেৰে কংগ্রেছসহ বিৰোধী দলসমূহে প্রতিবাদৰ নামত দেশব্যাপী হিংসাত্মক কার্যকলাপ সংঘটিত কৰা বুলি বিজেপিৰ জ্যেষ্ঠ নেতাসকলে অভিযোগ তোলাৰ পাছত এইবাৰ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও বিৰোধীক আক্রমণৰ লক্ষ্য কৰি ল’লে ৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে বলৱৎ কৰা ‘কা’ৰ সপক্ষত সবল যুক্তি ৰাখি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিৰোধীয়ে ‘কা’ক লৈ অপপ্রচাৰ চলাই থকা বুলি সমালোচনা কৰে ৷ মিৰাটৰ শতাব্দী নগৰত ‘কা’ৰ সমর্থনত আয়োজিত বিশাল সমাৱেশ সম্বোধন কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়– ‘‘কা’ বলৱৎ কৰাৰ আমি প্রতিশ্রুতি দিছিলোঁ৷ আমি আমাৰ প্রতিশ্রুতি ৰক্ষা কৰিছোঁ ৷ আমি একো ভুল কৰা নাই ৷ আমি কাকো অন্যায় কৰা নাই ৷ আইনখন দেশৰ বৃহত্তৰ স্বার্থৰ বাবে অনা হৈছে ৷ আমাৰ সতর্ক পদক্ষেপৰ বাবেই আইনখনত হিন্দু–মুছলিমৰ বৈষম্য জড়িত হৈ থকা নাই ৷ মই ক’ব বিচাৰোঁ, যিসকলে আইনখনক লৈ সমস্যাত পৰিছে, তেওঁলোক আমাৰ কাষলৈ আহক ৷’ আনপিনে, কংগ্রেছসহ বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হৈ আইনখনৰ ভুল ব্যাখ্যাৰে সংখ্যালঘু সম্প্রদায়ৰ মাজত শংকাৰ ভাব সৃষ্টি কৰাৰ অভিযোগ তুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে দেশবাসীক সেই দলসমূহৰ ষড়যন্ত্রৰ জালত নপৰিবলৈ আহ্বান জনায় ৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে সংখ্যালঘু সম্প্রদায়ৰ লোকৰ কল্যাণৰ হকে অহৰহ কাম কৰি থকা বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে ‘কা’খন মুছলিমবিৰোধী নহয়৷ দেশৰ সকলো শ্রেণীৰ লোকৰ বাবেই চৰকাৰে কাম কৰি আছে৷ চৰকাৰৰ লক্ষ্যই হৈছে ‘সব কা সাথ সব কা বিকাশ’৷

You might also like