বিশেষ বাৰ্তা, ২১ মাৰ্চঃ দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীবী কোনিডেলাৰ সৈতে জোৰ বান্ধিছে ছলমান খানে। প্রথমবাৰৰ বাবে দাক্ষিণাত্যৰ ছবিজগতত ভৰি দিবলৈ ওলাইছে বলীউডৰ ভাইজানে। ছবিখনৰ নাম ‘গডফাদাৰ’। ইতিমধ্যে চিৰঞ্জীবীয়ে টুইট কৰি স্বাগতম জনাইছে ছলমানক। ইয়াতোকৈ আশ্বৰ্যৰ কথা যে যিজন অভিনেতাই বলীউডৰ এখন ছবিৰ বাবে ১০০ কোটি টকা পাৰিশ্রমিক লয়, সেই ছলমানে ‘গডফাদাৰ’ৰ ছবিৰ বাবে এটা টকাও পাৰিশ্রমিক নলয়। অর্থাৎ বিনামূল্যে দক্ষিণৰ ছবিত কাম কৰিবলৈ ওলাইছে ছলমান। সূত্রৰ খবৰ অনুসৰি ছবিখনৰ নির্মাতাই ছলমানক বহু পৰিমাণৰ পাৰিশ্রমিক দিব বুলি কৈছিল। কিন্তু চিৰঞ্জীবীৰ প্রতি শ্রদ্ধা তথা ভাল ভাৱৰ খাতিৰতে ছলমানে কোনো টকা ল’ব বিচৰা নাই।
Next Post
You might also like