বিশেষ বাৰ্তা, ২১ মাৰ্চঃ বলীউডৰ অভিনেত্ৰী ছোনম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজাই গুডনিউজ দিছে অনুৰাগীক। অন্তঃসত্ত্বা হোৱাৰ খবৰ প্ৰথমবাৰ ৰাজহুৱাকৈ জনালে অভিনেত্ৰীগৰাকীয়ে। গিৰিয়েকৰ সৈতে তোলা কেইখনমান ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰি ভাল খবৰটো দিলে। ফটোত ‘বেবীবাম্প’ দেখুৱালে ছোনমে। ফটো পোষ্ট কৰাৰ পাছতে অনুৰাগীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে তেওঁলোকক।
Prev Post
Next Post
You might also like