নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ভূমি অধিগ্ৰহণৰ বাবে চৰকাৰী জাননী, ৰাইজৰ তীব্ৰ বিৰোধিতাৰে প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ: ৰঙিয়াত বৃহৎ কৃষিভূমি অধিগ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কৃষিজীৱী ৰাইজ । ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন বঢ়মপুৰ হাটবজালী কৃষি পথাৰৰ ১৪০ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ বাবে গৰাকী সকললৈ জাননী প্ৰেৰণ কৰাক লৈ উত্তেজিত হৈ পৰে স্থানীয় লোকসকল । চৰকাৰী জাননী প্ৰেৰণ কাৰ্যক অবৈধ আখ্যা দি ইয়াৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও এইক্ষেত্ৰত কোনো কাৰ্যপন্থা গ্ৰহণ নকৰি চৰকাৰী পক্ষই একে স্থিতি গ্ৰহণ কৰাৰ প্ৰতিবাদ কল্পে আজি স্থানীয় শতাধিক পুৰুষ-মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰী সকলে কৃষিভূমি অধিগ্ৰহণ কৰি উদ্যোগ স্থাপনৰ বাবে বহিৰাগত পুঁজিপতিক বৃহৎ কৃষিভূমি হস্তান্তৰ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে । আনহাতে ইয়াৰ পৰিৱৰ্তে পানী নিষ্কাসন আৰু যোগানৰ ব্যৱস্থা গ্ৰহণ কৰি কৃষকসকলক উপকৃত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । চৰকাৰে কৃষকসকলৰ এই দাবী মানি নললে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

প্ৰেৰকঃ ফাৰুক হুছেইন , ৰঙিয়া  

You might also like