নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ওড়িশাৰ ভিতৰুৱা অঞ্চলসমূহক আজিও চৰকাৰী স্বাস্থ্য ব্যৱস্থাই ঢুকি পোৱা নাই৷ শেহতীয়াকৈ মাওবাদী অধ্যুষিত মালকানগিৰি জিলাৰ এখন প্রত্যন্ত গাঁৱৰ পৰা এগৰাকী তৰুণ চিকিৎসকে অন্তঃসত্ত্বা মহিলা এগৰাকীক চৰকাৰী হাস্পতালত সন্তান প্রসৱৰ বাবে ৩০ কিলোমিটাৰ ষ্ট্রেচাৰত লৈ খোজকাঢ়ি অহা ঘটনাই সংবাদ মাধ্যমত সৃষ্টি কৰিছে চাঞ্চল্য৷
পাল্ছ পলি’ কার্যসূচীৰ বাবে যোৱা এই চিকিৎসকগৰাকীয়ে নিজৰ সহযোগীসকলৰ সৈতে কান্ধত ষ্ট্রেচাৰত লৈ ৩০ কিলোমিটাৰ দূৰৈৰ মালকানগিৰিৰ কালিমেলা স্বাস্থ্যকেন্দ্রত মহিলাগৰাকীক আনি ভর্তি কৰায়৷ ৰাধেশ্যাম জেনা নামৰ চিকিৎসকগৰাকীয়ে বহু পৰিশ্রম কৰি মহিলাগৰাকীক এনেদৰে দুর্গম পথ অতিক্রম কৰি হাস্পতালত ভর্তি কৰায় যদিও মহিলাগৰাকীয়ে জন্ম দিয়ে এটি মৃত সন্তান৷
এই ঘটনাৰ পাছত ওড়িশাৰ চৰকাৰী স্বাস্থ্য ব্যৱস্থাক লৈ দেশৰ সংবাদ মাধ্যমত সৃষ্টি হৈছে সৰৱ চর্চা৷ স্মর্তব্য যে বিভিন্ন সময়ত ৰাজ্যখনত চৰকাৰী হাস্পতালৰ কর্মীৰ গাফিলতিক লৈও চাঞ্চল্যকৰ খবৰ প্রকাশ হৈ আহিছে৷