নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই জনসাধাৰণৰ বাবে মুকলি হ’ব শুৱালকুছি-শিঙিমাৰি চাৰিলেনযুক্ত পথ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ  কথা দি কথা ৰাখিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমস্টিৰ বিধায়ক ড°হিমন্ত বিশ্ব শৰ্মাই ৷ যোৱা লোকসভাৰ নিৰ্বাচন আগমূহুৰ্ত্তত স্হানীয় বিধায়ক তথা তদন্তাধীন কেবিনেট মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১২৬ টা বিধানসভা সমস্টিৰ ভিতৰত জালুকবাৰী সমস্টি অন্যতম ৰূপত সজাই পৰাই তোলা হব বুলি সমস্টিবাসী ৰাইজক আশ্বাস দিছিল ৷ আজি যেন সেই আশ্বাস বাস্তৱ হোৱাৰ দিশত ৷

উল্লেখ যে তেওঁ প্ৰাচ্যৰ মানচেস্টাৰ হিচাৱে খ্যাত বস্ৰনগৰী শুৱালকুছিকো বিশ্বৰ মানচিত্ৰত স্হান দিয়াৰ কথা ঘোষণা কৰিছিল ৷ সেইমৰ্মে শুৱালকুছি – শিঙিমাৰী (প্ৰায় ১২ কিলোমিটাৰ) পথটি চাৰিলেন যুক্ত কৰি শুৱালকুছিলৈ যাতায়ত ব্যৱস্থা অতি সূচল কৰি তোলাৰ প্ৰয়াস কৰিছে ৷ ইতিমধ্যে পথচোৱা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷ অচিৰেই ৰাইজৰ বাবে মুকলি কৰা হব ৷ পথটিৰ নিৰ্মাণ কাৰ্য সুন্দৰ হোৱাৰ লগতে পথটিৰ ডিভাইদাৰৰ মাজে মাজে গছপুলি ৰুই দৰ্শনীয় কৰি তুলিছে ৷ শিঙিমাৰী পৰা শুৱালকুছিলৈ চাৰিলেনযুক্ত পথটিত প্ৰৱেশ কৰিলেই এক সুন্দৰ পৰিবেশৰ অনুভূতি হয় ৷ পথটিৰ দুয়োকাষে আকৰ্ষণীয় ফুটপথ ৰ ব্যৱস্থা কৰাত পদাচাৰি সকলেও সন্তুষ্টি লাভ কৰিছে ৷ জানিব পৰামতে অতি সোনকালে পথটি মুকলি কৰা হব ৷ ইয়াৰ উপৰি শুৱালকুছিত তীব্ৰগতিত নিৰ্মাণ কাৰ্য চলি আছে বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হলে ৰাজ্যৰ ভিতৰতে এখন সৰ্বাঙ্গসুন্দৰ স্টেডিয়াম হোৱাৰ সম্ভৱনা আছে ৷ প্ৰায় ৪০ কোটি টকা ব্যয় সাপেক্ষে এই নিৰ্মাণ কাৰ্য চলাই আছে গৌতম কন্ট্ৰাকচনে ৷

আকৌ শুৱালকুছি ইঞ্জিনীয়াৰিং কলেজৰ নিৰ্মাণ কাৰ্য অতি সোনকালে মুকলি কৰিব ৷ আনহাতে ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুছি পলাশবাৰী ৰ দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ সম্পূৰ্ণ হোৱাৰ পথত ৷ ইফালে বংশৰৰ পৰা হাজোলৈ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কামো পূৰ্ণদ্যোমে চলি আছে ৷ আকৌ ব্ৰহ্মপুত্ৰৰ পাৰত শুৱালকুছি গান্ধী আশ্ৰমৰ কাষৰ পৰা বাঘেশ্বৰী পাহাৰৰ ঘাটলৈকে প্ৰায় ৮০০ মিটাৰ শিলৰ ৰিং বান্ধ আৰু মাথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ কামো তীব্ৰগতিত ৰাজ্যৰ জলসম্পদ বিভাগে চলাই আছে ৷ বাৰিষাৰ পূৰ্বে সমাপ্ত হোৱাৰ লক্ষ্য স্হিৰ কৰা হৈছে ৷ ইফালে শুৱালকুছিৰ ভিতৰৰ পথ আৰু নৰ্দমাবোৰৰ নিৰ্মাণ কাৰ্যয়ো দিনে নিশাই চলি আছে ৷ কামবোৰ সম্পূৰ্ণ হলে এই সমগ্ৰ অঞ্চলটোৰ চেহেৰাই সলনি হৈ যাব ৷ মুখ্যমন্ত্ৰী তথা স্হানীয় বিধায়ক গৰাকীৰ প্ৰচেষ্টাত সমস্টিটো উন্নয়নৰ ধাৰা অব্যহত আছে ৷ উল্লেখ যে শুৱালকুছি – শিঙিমাৰী চাৰিলেনযুক্ত পথছোৱা প্ৰায় সম্পূৰ্ণ হৈ উঠাত ৰাইজে মুখ্যমন্ত্ৰী গৰাকীক ভূয়সী প্ৰশংসা কৰিছে ৷

You might also like