ৰহাৰ শিশু প্ৰতিযোগী ডৰিয়লি দেৱীৰ কৃতিত্ব
নিয়মীয়া বাৰ্তা ৰহা,২৩ মাৰ্চ: মাত্ৰ পাঁচ বছৰ বয়সতে ফেছন ছুপাৰষ্টাৰ নৰ্থ ইণ্ডিয়া ২০২২ বৰ্ষৰ শিশু শাখাৰ বছৰৰ শ্ৰেষ্ঠ মডেল বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ৰহাৰ শিশু প্ৰতিযোগী ডৰিয়লি দেৱীয়ে। নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত দীঘলদৰিৰ শিক্ষক পবিত্ৰ কুমাৰ নাথ আৰু মনালিছা দেৱীৰ একমাত্ৰ কন্যা তথা ৰহা প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ প্ৰাৰম্ভিক শাখাৰ ছাত্ৰী পাঁচ বছৰীয়া ডৰিয়লি দেৱীয়ে অলপতে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত অনুষ্ঠিত বিউটি পিজেন্ট ফেছন ছুপাৰষ্টাৰ নৰ্থ ইণ্ডিয়া ২০২২ কিড্ছ শাখাত অৱৰ্তীণ হৈছিল। সৰ্বভাৰতীয় প্ৰতিষ্ঠান এম এছ এছ এফৰ উদ্যোগত আয়োজিত বিউটি পিজেন্ট ‘ফেছনছুপাৰ ষ্টাৰ নৰ্থ ইণ্ডিয়া-২০২২’ শীৰ্ষক প্ৰতিযোগিতাখনিত নৰ্থ ইষ্ট আৰ্টিষ্টিক টেলেন্ট গ্ৰুপৰ হৈ অংশগ্ৰহণ কৰিছিল ডঁৰিয়লি দেৱীয়ে। প্ৰতিযোগিতাত কিড্ছ শাখাৰ চূড়ান্ত পৰ্যয়াত ডঁৰিয়লিয়ে “বছৰৰ শ্ৰেষ্ঠ মডেল” খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।