জোনাই মূৰ্কংচেলেকত কৃষি বিভাগৰ কেঁচুসাৰৰ প্ৰশিক্ষণ শিবিৰ
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ:: জোনাই মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত মুৰ্কংচেলেক গাঁৱৰ নিবাসী আদৰ্শ কৃষক জন ( টাটিক) কুম্বাংৰ সৌজন্যত কেচু সাৰ প্ৰস্তুত সন্দৰ্ভত আজি প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ জোনাই কৃষি বিভাগৰ উন্নয়ন বিষয়া পংকজ পুৰণে কেচুসাৰ কেনেকৈ তৈয়াৰ কৰা হয় ইয়াৰ পৰা কি লাভালাভ হয় তাৰ ওপৰত কৃষি কৰ্মৰ লগত জড়িত খেতিয়ক সকলক বিতংকৈ অৱগত কৰায় লগতে কয় বৰ্তমান কৃষিকাৰ্যত পুষ্টিমৌল যোগানৰ বাবে ব্যৱহাৰ কৰিব পৰা অন্য এবিধ জৈৱিক সাৰ হ’ল- কেঁচুসাৰ বা ভাৰ্মিকমপষ্ট । বছৰ বছৰ ধৰি মাটিৰ গুণাগুণ নষ্ট নোহোৱাকৈ শস্যত পুষ্টিমৌল যোগানৰ এক উৎকৃষ্ট আৰু ফলপ্ৰসূ ব্যৱস্থা। নিজৰ চৌহদতে নাইবা মাটিৰ পাত্ৰ, পকী বা প্লাষ্টিকৰ টাব আদিতে অনায়াসে এই সাৰ প্ৰস্তুত কৰি লব পাৰি। সকলো কেঁচুৱেই কেঁচুসাৰৰ বাবে উপযুক্ত নহয় বুলি ৰাজক উদ্দেশ্য কয়৷ উক্ত শিবিৰত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২ নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ সদস্য নৰেশ কুম্বাঙ, কৃষি কৰ্মৰে স্বৱলম্বী কৃষক জন কুম্বাঙ, ৰাজকুমাৰ মেদক, নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়া বিশ্বজিৎ নাথ, চিলে চিকুৰ ফেড কৃষক কোম্পানী আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সদস্য সদস্যা লগতে বহু কৃষি কৰ্মৰ লগত জড়িত খেতিয়ক উপস্থিত থাকে৷