নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰীসকলৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰেঃ আঙুৰলতা

পাঠশালাৰ আজাদ ভৱনত ভাৰতীয় জনতা মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত আঙুৰলতা

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰে নাৰীসকলক সুৰক্ষিত আৰু সবলীকৰণৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ জনমুখী চৰকাৰখনে গণতান্ত্ৰিকভাবেও মহিলা সকলৰ বাবে ৫০ শতাংশ আসন সংৰক্ষিত কৰিছে। এই মন্তব্য বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ৷ আজি পাঠশালাৰ আজাদ ভৱনত ভাৰতীয় জনতা মহিলা মৰ্চাৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত বিজেপি নেত্ৰীগৰাকীয়ে ৰাজ্যৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিক প্ৰশংসা কৰি কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী গৰাকীয়ে কমেও ২৫ -৩০ গৰাকী মহিলা প্ৰতিনিধি বিচাৰিছে৷  ইয়েই প্ৰমাণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নাৰী সৱলীকৰণত কিমান গুৰুত্ব আৰোপ কৰিব বিচাৰিছে৷

তেওঁ কয় যে বিজেপি দলক ৰাইজে অন্তৰৰ পৰা গ্ৰহণ কৰিছে যাৰ বাবে আহি থকা ৰাজ্যসভা নিৰ্বাচনত অনায়াসে বিজেপি মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীয়েই জয়লাভ কৰিব৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ ৰাজ্যিক কোষসমূহৰ তত্বাৱধায়ক মনোজ বৰুৱা, বজালী জিলাৰ সভাপতি নগেন চৌধুৰী, বজালী মহিলা মৰ্চাৰ সভানেত্ৰী মঞ্জু দাসৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তৰ শতাধিক মহিলা কৰ্মী উপস্থিত থকা সভাখনত বিজেপি নেত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি দলটোৰ আভুৱাভৰা কৰ্মকাণ্ডক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলি কটাক্ষ কৰে৷

প্ৰেৰণঃ কল্যাণ কলিতা

You might also like