ৰূপহীহাটৰ ভূৰবন্ধা শান্তিবজাৰত এজাক বৰষুণতেই কৃত্ৰিম বান
নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২৬মাৰ্চঃ ৰূপহীহাটৰ লাওখোৱাৰ পৰা ৭নং বগামুখলৈ যোৱা একমাত্ৰ পথত বানপানী সদৃশ অৱস্থা। বৃহত্তৰ বগামুখ অঞ্চলৰ লোকৰ যাতায়তৰ একমাত্ৰ পথচোৱাত সামান্য বৰষুণৰ ফলত জমা হয় একাঠু পানী। পথচোৱাত জমা হোৱা পানীৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে যমৰ যাতনা ভুগিব লগা হৈছে।
কিছুদিন পূৰ্বে নিৰ্মাণ কৰা ৰাস্তাটোৰ এই পঁয়ালগা অৱস্থাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ। কিয়নো নিৰ্মান কৰা সময়ত ঠিকাদাৰক বাৰম্বাৰ দ’ ঠাই ডোখৰ সমান কৰি ল’বলৈ দাবী জনাইছিল যদিও ৰাইজৰ কথাক গুৰুত্ব নিদি নিজৰ স্বাৰ্থৰ বাবে কোনো মতে কাম সামৰি গুচি যোৱাত ৰাইজৰ সমস্যাৰ সমাধান হোৱা নাই। অতি সোনকালে সংশ্লিষ্ট বিভাগক সমস্যা সমাধান কৰিবলৈ দাবী জনায় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে।