দিখৌমুখত মানৱ দৰদী চিকিৎসকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাঃ নিৰাময়-সুৰুযমুখী যুৱক সংঘৰ উদ্যোগ
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ গৌৰীসাগৰৰ নিৰাময় মেডিকেল ষ্ট’ৰ আৰু “আমংগী”ৰ উদ্যোগত তথা দিখৌমুখৰ কৃষ্ণছিগা গাঁৱৰ সূৰুযমুখী যুৱক সংঘৰ সহযোগত আজি অঞ্চলটোৰ কৃষ্ণছিগা প্ৰাথমিক বিদ্যালয়ত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুস্থিত হৈ যায়৷ শিবিৰত মানৱ দৰদী চিকিৎসক হিচাবে খ্যাত গৌৰীসাগৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ড° চান যামু য়িজঙে স্থানীয় বহু সংখ্যক বয়োজ্যেষ্ঠ পুৰুষ-মহিলাৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখ্য চিকিৎসক ড° চান যামু য়িজঙে দীৰ্ঘদিনৰ পৰা তেওঁৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিচাৰিকা মাতৃ আমংগী লঠাৰ নামত উৎসগৃত কৰি দৰিদ্ৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ লোকক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ কামত ব্ৰতী হৈ আহিছে৷ যাৰ বাবে ৰাইজৰ বিপুল প্ৰশংসাৰ পাত্ৰ হৈ জনপ্ৰিয় হৈ উঠিছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ উখাৰ সন্তান ড° চান যামু য়িজং৷ কৰ্মস্থলী সূত্ৰে সম্প্ৰতি গৌৰীসাগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত ৰোগীৰ ঘৰে ঘৰে গৈ স্বেচ্ছামূলক ভাৱে নিৰন্তৰ চিকিৎসা সেৱা প্ৰদান কৰি চিকিৎসক গৰাকীয়ে আজিৰ চিকিৎসা শিবিৰত অকলেই প্ৰায় শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে। নিৰাময় মেডিকেল ষ্ট’ৰৰ পৰিচালক মণ্ডলীৰ অন্যতম সদস্য অভিজিৎ বড়া, সুৰুযমুখী যুৱক সংঘৰ সভাপতি সম্পাদক দেৱজিৎ কলিতা আৰু মাধূৰ্য কলিতা প্ৰমুখ্যে যুৱক সংঘটোৰ সদস্য সকলে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা শিবিৰটো সাফল্যমণ্ডিত কৰাত সহযোগ কৰে৷
প্ৰেৰক প্ৰণৱ খাটনিয়াৰ