নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NO BIG DAM লিখাই অপৰাধ, চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি দেৱালত চিত্ৰ অংকন কৰা বাবে ৰাজ্যখনৰ এজন চিত্ৰশিল্পীক অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাই চৰ্চাৰ সৃষ্টি কৰিছে। চিত্ৰ অংকনৰ জৰিয়তে বিভিন্ন সময়ত প্ৰতিবাদৰ সৃষ্টি কৰি অহা নীলিম মহন্ত নামৰ উদীয়মান যুৱকজনক গ্ৰেপ্তাৰ কৰিছে অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে ৷ বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি দেৱাল অংকনৰ বাবেই অসমৰ এইজন চিত্ৰশিল্পীক গ্ৰেপ্তাৰ লখিমপুৰৰ পৰা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি দেওবাৰে নিশাই ইটানগৰলৈ নিয়ে। জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ উত্থাপিত হৈছে চিত্ৰশিল্পীগৰাকীৰ বিৰুদ্ধে৷


ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হৈছে মহন্তৰ বিৰুদ্ধে৷ ইটানগৰ থানাত দুপৰ নিশালৈকে অৰুণাচল আৰক্ষীয়ে জেৰা অব্যহত ৰাখিছে বুলিও জানিব পৰা গৈছে৷ ইপিনে নীলিম মহন্তক গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

প্ৰতিশ্ৰুতিসম্পন্ন চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ আক্ৰোশমূলক, অনৈতিক আৰু অগণতান্ত্ৰিক বুলি টুইটাৰত প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অজাপৰ নেতা লুৰিণজ্যোতি গগৈয়ে। মহন্তক অতি শীঘ্ৰেই মুকলি কৰি দিবলৈও তেওঁ দাবী জনাইছে।

You might also like