নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঞ্চিত শিশুক বিদ্যালয়মুখী কৰাৰ প্ৰয়াস, ঢকুৱাখনা ‘মূলসুঁতিকৰণ’ সভা

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৮ মাৰ্চঃ বিভিন্ন কাৰণত শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক চিনাক্ত কৰি সেই সকল শিশুকো বিদ্যালয়মুখী কৰিবলৈ সৰ্বশিক্ষা অভিযানে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। উক্ত আঁচনিৰ অধীনত অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত ঢকুৱাখনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত অলপতে ২০২১-২০২২ বৰ্ষৰ মূলসুঁতিকৰণ’ ৰ বাবে এখন সভা সম্পন্ন হৈ যায়। ঢকুৱাখনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ শিক্ষা সেৱক লীনামণি শইকীয়া দিহিঙীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মূলসুঁতিকৰণ সভাখনত ঢকুৱাখনা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণপ্ৰাপ্ত ৪৫গৰাকী ছাত্ৰক মূলসুঁতিকৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়। মন কৰিবলগীয়া যে, এই কেন্দ্ৰসমূহৰ  জৰিয়তে আধাতে বিদ্যালয় এৰা শিশুসকলক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰি পুনৰ বয়স অনুপাতে আনুষ্ঠানিক বিদ্যালয়ত মূলসুঁতিকৰন কৰি মানৱ সম্পদ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উল্লেখ্য যে  ঢকুৱাখনা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ শিক্ষা সেৱক লীনামণি শইকীয়া দিহিঙীয়াৰ তৎপৰতাত অধিক উৎসাহেৰে শিক্ষাকৰ্মীসকলে দায়িত্ব পালন কৰা কেন্দ্ৰটোত প্ৰতি বছৰে ৩০জনৰ পৰা ৫০ জনকৈ বিদ্যালয় বৰ্হিভূত আৰু শিশু শ্ৰমিকসকলক মূলসুঁতিকৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কেন্দ্ৰটোৰ শিশুসকলৰ অভিভাৱক আৰু শিক্ষাসেৱকসকলৰ উপস্থিতিত ৪৫গৰাকী শিশুক বয়স অনুপাতে শ্ৰেণী নিৰ্ধাৰণ কৰি নতুন বৰ্ষত কেন্দ্ৰটোত নামভৰ্তি কৰাব।
You might also like