নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়ন শ্বিপত স্বৰ্ণ পদক অৰ্জন, গহপুৰলৈ গৌৰৱ কঢ়িয়ালে উদয় আদিত্য গৌতমে

নিয়মীয়া বাৰ্তা, হেলেম, ২৯ মাৰ্চঃ হিমাচল প্ৰদেশৰ বীৰভদ্ৰ সিং ষ্টেডিয়ামত ভাৰতীয় কিক বক্সিং ফেডাৰেচনৰ উদ্যোগত  ২৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হোৱা অমৰ শ্বহীদ জেনেৰেল বিপিন ৰাৱট সোঁৱৰণী ৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি গহপুৰ মহকুমাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মহকুমাটোৰ গমিৰিৰ দশম শ্ৰেণীৰ ছাত্ৰ উদয় আদিত্য গৌতমে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা খনৰ ৫৭ কেজি চাব জুনিয়ৰ শাখাত মহাৰাষ্ট্ৰ, হাৰিয়ানা, কেৰেলা, ঝাৰখণ্ড, তামিলনাডু আৰু অন্ধপ্ৰদেশৰ প্ৰতিযোগীক পৰাস্ত কৰি উক্ত ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় প্ৰচুৰ প্ৰতিভা সম্পন্ন কিক বক্সাৰ উদয় আদিত্য গৌতমে। প্ৰশিক্ষক ঋতুৰাজ বিশ্বকৰ্মাৰ তত্ত্বাৱধানত উক্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা উদয় আদিত্যই চূড়ান্ত খেলত অন্ধপ্ৰদেশৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি স্বৰ্ণ পদক অৰ্জনেৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ খনলৈ উক্ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। গহপুৰ মহকুমাৰ টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা বিদ্যালয়খনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিষয়া, সক্ৰিয় সাহিত্যসেৱী ৰাজু গৌতম আৰু গহপুৰৰ মহকুমা প্ৰশাসনৰ বঁটা প্ৰাপক অংগনৱাড়ী কৰ্মী মনিতা গৌতমৰ সুযোগ্য জ্যেষ্ঠ পুত্ৰ উদয় আদিত্য গৌতমে বৰ্তমান টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আছে।
You might also like