নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদৰ্শ চিকিৎসালয়ৰ বিধ্বস্ত ৰূপঃ নকছাৰীত আছুৰ ৮ ঘন্টীয়া অনশনঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ মৰিয়নি সমষ্টিবাসীৰ চিকিৎসাৰ বাবে ২০১১ চনতেই চুঙীলাহিং অঞ্চলত স্থাপন কৰা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আজিও সম্পূৰ্ণ হৈ নুঠিল । বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা চিকিৎসালয়খনে আজিও ৰাইজৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰিলে । নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁ‌জাতী দলে অলপতে আদৰ্শ চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন সমস্যাৰ বুজ লয় । চিকিৎসালয়খনৰ দূৰৱস্থা দেখি আছুৰ সঁ‌জাতী দলটোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে চিকিৎসালয়খন পূৰ্ণাংগ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ঘোষনা কৰে । সেই অনুসৰি আজি নকছাৰীৰ মধ্যস্থল দেবেৰাপাৰ চাৰি আলিত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই এক আঠ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে । আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা অনশন কাৰ্যসূচীৰ অন্তত বিয়লি ২ বজাত সামৰণি পৰে । নকছাৰী আঞ্চলিক সন্থাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া অসীম বৰগোঁ‌হাই উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে । নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভা: সভাপতি ঋতুৰাজ গগৈ আৰু সাধাৰণ সম্পাদক মাধুৰ্য গগৈ স্বাক্ষৰ সম্বলিত উক্ত স্মাৰকপত্ৰত উল্লেখিত দাবীসমূহ ক্ৰমে – চৰকাৰী নীতি অনুসৰি খালী হৈ থকা চিকিৎসকৰ পদসমূহ অতিশীঘ্ৰে পূৰণ কৰা , কাৰিকৰী বিভাগৰ খালী পদসমূহ পূৰণ কৰা, পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ যোগান ধৰা, আন্তঃগাঁঠনি উন্নয়ন কৰা, উন্নত চিকিৎসা সুবিধাৰ লগতে অত্যাধুনিক সা-সৰঞ্জাম যোগান ধৰা ইত্যাদি । অনশনস্থলী উপস্থিত থাকি তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ ফুকনে কয় , নকছাৰীবাসী ৰাইজৰ একমাত্ৰ আশাৰ থল স্বৰূপ এই আদৰ্শ চিকিৎসালয় খনিৰ ওপৰত নকছাৰীবাসী ৰাইজৰ যথেষ্ট আশা আছিল যথেষ্ট বিশ্বাস আছিল । কিন্তু কণা হাঁহক পতান দিয়াৰ দৰে চৰকাৰে নকছাৰীবাসী ৰাইজক চূড়ান্ত প্ৰতাৰণাৰে এই চিকিৎসালয় খনিক আজি পৰ্যন্ত পূৰ্ণাংগ ৰূপ প্ৰদান নকৰিলে । যাৰফলশ্ৰুতিত ৮-৯ জন চিকিৎসক প্ৰয়োজন হোৱা চিকিৎসালয় খন মাত্ৰ ১ জন স্থায়ী চিকিৎসকৰে চলি আছে । তাৰোপৰি ইয়াত এক্সৰে আৰু আল্ট্ৰাচাউণ্ড সা-সৰঞ্জাম থকাৰ পাছতো ৰেডিঅ’লজিষ্টত অভাৱৰ বাবে সাধাৰণ ৰাইজৰ লগতে প্ৰসূতি সকলে গাঁঠিৰ ধন ভাঙি যোৰহাট চিকিৎসা মহাবিদ্যালয় নাইবা চহৰৰ ব্যক্তিগত চিকিৎসালয়ৰ আশ্ৰয় ল’বলগীয়া হৈছে । চৰকাৰৰ এনে কাৰ্য্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছু নেতাজনে কয়- এই কথা কেতিয়াও সহ্য কৰা নহ’ব আৰু সেয়েহে আজি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি এই সমস্যাৰ স্থায়ী আৰু খৰতকীয়া সমাধান কামনা কৰা হৈছে । আনহাতে, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ঋতুৰাজ গগৈ আৰু সাধাৰণ সম্পাদক মাধুৰ্য গগৈয়ে কয় , মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় খনিত থকা সুবিধা সমূহতকৈও নথকাৰ তালিকাখন বৰ্তমানৰ সময়ত বেছি দীঘলীয়া । ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি পূৰ্ণাংগৰূপ প্ৰদানৰ দাবীৰে সময়ে সময়ে স্মাৰকপত্ৰ কৰি আহিছে যদিও চৰকাৰ তথা প্ৰশাসনে কোনোধৰণৰ কেৰেপ নকৰি যি অৱহেলা মনোভাৱ প্ৰদৰ্শন কৰিছে তাৰ চূড়ান্ত বিৰোধিতাৰে আজি এই অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । তেওঁলোকে লগতে কয় এই প্ৰতিবাদী কাৰ্য্যসূচীৰ পিছতো যদি কোনো সুদুত্তৰ পোৱা নাযায় তেন্তে ইয়াতকৈ অধিক কঠোৰ আৰু জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও দুয়ো লগতে সকিয়াই দিয়ে । অনশন কাৰ্য্যসূচীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পঞ্চানন দুৱৰাই জনপ্ৰতিনিধিৰ অৱহেলাৰ বিৰুদ্ধে ক্ষোভ উজাৰি এটা মাহৰ সময়সীমাৰ ভিতৰত চৰকাৰে কোনো সঁহাৰি নজনালে অনাগত দিনত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই আমৰণ অনশনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও ব্যক্ত কৰে ।অনশনকাৰীসকলে ‘জনস্বাস্থ্যক লৈ হেতালি খেলা বন্ধ কৰক’, ‘স্বাস্থ্য বিভাগ হায় হায়’ আদি শ্ল’গান লিখা ফেষ্টুন প্ৰদৰ্শন কৰে । আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ যোৰহাট জিলা সমিতিৰ যুটীয়া সম্পাদক ললিত গগৈ, আটাছু নেতা নীহাৰ বৰচেতিয়া , আটছাৰ ভাইজান ৰবিদাস , বীৰ লাচিত সেনাৰ যাদৱ দুৱৰা , দেবেৰাপাৰ চাৰিআলি ব্যৱসায়ী সন্থাৰ সম্পাদক ৰূপম গগৈ , নকছাৰী উন্নয়ন সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ নেতা হেৰম্ব গগৈ , প্ৰাক্তন ছাত্ৰনেতা চক্ৰসেন গগৈ , সমাজকৰ্মী নিমচান্দ আগৰৱালা , মণ্টু আগৰৱালা আদিৰ লগতে ভালেসংখ্যক সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like