নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা শিক্ষা খণ্ডত বিনামূলীয়া পাঠ‍্যপুথি বিতৰণৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : অসমৰ অন্যান্য শিক্ষাখণ্ডৰ লগতে ঢকুৱাখনা শিক্ষাখণ্ডতো ২০২২-২৩ বৰ্ষৰ বাবে বিনামূলীয়া পাঠ‍্যপুথি ২৮ মাৰ্চত বিতৰণ কৰা হয়। এই উপলক্ষত সহদেৱ হিন্দী বিদ্যালয়ত আয়োজিত এখন সভাত শুভাৰম্ভণী কাৰ্যসূচী উদ্ধোধন কৰে ঢকুৱাখনা মহকুমাৰ সহকাৰী আয়ুক্ত অভিজাত বৰাই । ব্লক এম আই এছ সমন্বয়ক ঝৰ্ণা চেতিয়া আৰু চি আৰ চি চি হেমন্ত কুমাৰ বৰুৱাই আঁত ধৰা সভাখনত ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গুণীন দত্ত,জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান, লখিমপুৰৰ প্ৰবক্তা তথা ব্লকৰ তত্বৱধায়ক ইন্দ্ৰজিৎ গাম আৰু বিনামূলীয়া পাঠ‍্যপুথি বিতৰণ পৰ্যবেক্ষণ সমিতিৰ সদস্য চেনীৰাম বৰুৱাই বক্তব্য ৰাখে । শতাধিক শিক্ষকৰ উপস্থিতিত আয়োজিত সভাখনত বক্তাসকলে নতুন শিক্ষা নীতি ২০২০ ৰ ওপৰত চমু অৱলোকন আগবঢ়োৱাৰ লগতে পাঠ‍্যপুথিৰ শ্ৰেণীৰ বিপৰীতে নিদ্ধাৰণ কৰা শিকন অৰ্হতাসমূহ ছাত্ৰ-ছাত্ৰীক উপলদ্ধ কৰোৱাৰ বাবে শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায় ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like