প্লাষ্টিকৰ চাউল! চৰাইদেউত খাদ্য সুৰক্ষাৰ চাউলক লৈ চাঞ্চল্য
বিশেষ বাৰ্তা, সোণাৰি, ৩০ মাৰ্চঃ পুনৰ চৰ্চালৈ আহিছে প্লাষ্টিকৰ চাউল। এইবাৰ চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাৰ কেতবোৰ অঞ্চলত উঠিছে প্লাষ্টিকৰ চাউল বিতৰণৰ অভিযোগ। প্রাপ্ত অভিযোগ মতে, জিলাখনৰ পশ্চিম অভয়পুৰ সমবায় সমিতিৰ একাংশ গ্রাহকক এজেণ্টৰ জৰিয়তে বিতৰণ কৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউলত ওলাইছে প্লাষ্টিকৰ চাউল। সমবায় সমিতিৰ অন্তৰ্ভুক্ত একাংশ দৰিদ্ৰ গ্ৰাহকে কৰা অভিযোগ অনুসৰি সমবায় সমিতিৰ পৰা লাভ কৰা মাৰ্চৰ বিনামূলীয়া চাউলৰ প্ৰায় ৫০ শতাংশ চাউলেই প্লাষ্টিকৰ। একাংশ গ্ৰাহকে চাউল ঘৰলৈ আনি ৰান্ধিবলৈ যাওঁতে পোহৰলৈ আহিছে এই ঘটনা। ঘৰলৈ অনা বিনামূলীয়া চাউল ধুবলৈ নিয়াত প্রায় অর্ধেক চাউল পানীত ওপঙি থকাত সন্দেহ হৈ পৰিয়ালৰ লোকে ঘটনাটো ভালদৰে প্রত্যক্ষ কৰাত এই চাউলখিনি প্লাষ্টিকৰ বুলি ধাৰণা কৰি স্থানীয় সচেতন লোকক অৱগত কৰে। স্থানীয় একাংশ লোকে ঘটনাটো প্রত্যক্ষ কৰি সমগ্ৰ বিষয়টো সমবায় কর্তৃপক্ষৰ লগতে সংবাদকর্মীক অৱগত কৰায়। সমবায় সমিতিৰ প্ৰায় হেজাৰ হেজাৰ গ্ৰাহকৰ একাংশৰ মাজত এনে সন্দেহযুক্ত প্লাষ্টিকৰ চাউল বিতৰণ কৰা হৈছে। যদি সঁচাকৈয়ে সমবায় সমিতিৰ গ্ৰাহকৰ মাজত বিতৰণ কৰা চাউল প্লাষ্টিকৰ হয় তেন্তে ই স্বাস্থ্যৰ বাবে অতিকৈ বিপজ্জনক হোৱাৰ লগতে ভয়ানক ক্ষতিকাৰক বুলি ব্যক্ত কৰিছে সচেতনমহলে। বৃহৎ সংখ্যক দৰিদ্ৰ গ্ৰাহকৰ মাজত বিতৰণ কৰা চৰকাৰী বিনামূলীয়া চাউলৰ মাজত প্লাষ্টিকৰ চাউল ওলোৱাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। সমগ্র বিষয়টো গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে তদন্ত কৰাৰ লগতে বৃহৎ সংখ্যক দৰিদ্ৰ গ্ৰাহকৰ মাজত বিতৰণ কৰা চাউল পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোগান বিভাগক দাবী জনাইছে ৰাইজে ।