আন্তঃ জিলা চাব-জুনিয়ৰ বক্সিং চেম্পিয়নশ্বীপ, ওদালগুৰিৰ ছোৱালী দলৰ সোণৰ পদক
নিয়মীয়া বাৰ্তা, ধনশ্ৰীঘাট, ৩০ মাৰ্চ: গোলাঘাট জিলাৰ দেৰগাঁওত যোৱা ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ অনুষ্ঠিত ৪২তম সদৌ অসম আন্তঃ জিলা বক্সিং চেম্পিয়নশ্বীপত ওদালগুৰিৰ ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেন্টাৰে অসমৰ ভিতৰত সোণৰ পদকেৰে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক ধনেশ্বৰ বসুমতাৰীয়ে জনোৱা মতে ছোৱালীৰ শাখাত হংগালী বসুমতাৰী (৫২কেজি), ৰমৈ কেট্ৰিন মুছাহাৰী(৫৮কেজি), অনঞ্জনা দৈমাৰীয়ে (৩৫ কেজি) সোণৰ পদক লাভ কৰি ছোৱালী শাখাত শ্ৰেষ্ঠ দলৰ অধিকাৰ লাভ কৰে। ছোৱালীৰ শাখাত ৰূপৰ পদক লাভ কৰা খেলুৱৈ সকল হ’ল ক্ৰমে- বিৰিণা ৰাভা((৩৭কেজি), অৱন্তী দেৱী চৌহান(৪৩কেজি), হেমা নাৰ্জাৰী(৬১কেজি)। ল’ৰাৰ শাখাত সোণৰ পদক লাভ কৰে প্ৰকাশ বসুমতাৰীয়ে(৭০কেজি)। ৬৪কেজিত ৰূপৰ পদক লাভ কৰে জ’নী মুছাহাৰীয়ে। ইপিনে, বিশাল বড়ো (৪৩কেজি), জিতু বড়ো(৩৭কেজি) আৰু জুমন ব্ৰহ্ম (৫৫কেজি)ই ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।