নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত নিত্যানন্দত শিশুনাট কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ দেশত চলি থকা আজাদী কা অমৃত মহোৎসৱৰ সতে সংগতি ৰাখি বজালীৰ নিত্যানন্দত যোৱা ১২ মাৰ্চৰ পৰা এটি ৩০ দিনীয়া শিশু নাট কৰ্মশালা চলি আছে৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত তথা নাটঘৰ নিত্যানন্দ, বজালীৰ সৌজন্যত জনপ্ৰিয় নাট্যকাৰ, অভিনেতা তথা পৰিচালক কিশোৰ তহবিলদাৰৰ তত্বাৱধানত “নাটঘৰ নিত্যানন্দ”ৰ অক্সফোর্ড ইংলিছ স্কুল প্রাঙ্গনত চলি থকা এই শিশু নাট কর্মশালাত ৮ বছৰৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ মুঠ ৮১গৰাকী শিশুৱে অংশগ্ৰহণ কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷ ইপিনে এই নাট কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু প্ৰশিক্ষার্থীসকলৰ দ্বাৰা বজালীৰ মুক্তিযোদ্ধা প্রয়াত ঘনকান্ত তালুকদাৰৰ জীৱনৰ ওপৰত ৰচিত নাট “বজালীৰ সৈনিক ঘনকান্ত তালুকদাৰ” মঞ্চস্থ কৰা হ’ব৷ ৮১গৰাকী শিশুৰ মন-মগজুত নাটকৰ বীজ সিচি নাট্যকাৰ কিশোৰ তহবিলদাৰৰ ৰচনা আৰু পৰিচালনাৰে অহা দুই এপ্ৰিলৰ সন্ধিয়া ৭.১১ বজাত নিত্যানন্দৰ অক্সফোর্ড ইংলিছ স্কুল প্রাঙ্গনত মঞ্চস্থ হবলগীয়া এই নাট্যানুষ্ঠনত উপস্থিত থাকি শিশুসকলক উৎসাহিত কৰিবলৈ নাট্যপ্ৰেমীসকলক নাটঘৰ নিত্যানন্দৰ পৰিয়ালে আহ্বান জনাইছে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like