মৰিয়নিৰ নকছাৰীত নৃশংস হত্যাকাণ্ডঃ স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ
বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ মৰিয়নিৰ নকছাৰীৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিচাত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নাগিনীজান চাহ বাগিচাৰ বিলবস্তি নামৰ ঠাইত যোৱানিশা এই ঘটনা সংঘটিত হয় । ঘটনাৰ সম্পৰ্কত জানিব পৰা মতে, নাগিনীজান চাহ বাগিচাৰ বিলবস্তিৰ লক্ষীৰাম কৰ্মকাৰ নামৰ হত্যাকাৰীটোৱে যোৱা নিশা পত্নী চম্বাৰী কৰ্মকাৰক অকথ্য শাৰীৰিক নিৰ্যাতন চলাই হত্যা কৰে । হত্যাকাৰী লক্ষীৰামে পত্নী চম্বাৰীক ফলা খৰি, বাঁহ আদিৰে শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰে । বাঁহেৰে মহিলাগৰাকীৰ দেহৰ একাধিক স্থানত খোঁচে । আনকি মহিলাগৰাকীৰ দেহত দাৰে আঘাত কৰা লগতে গুপ্তাংগত বাঁহেৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰে হত্যাকাৰী স্বামী লক্ষীৰাম কৰ্মকাৰে ।হত্যাকাৰী স্বামীয়ে নিশাই পত্নীক হত্যা কৰি আজি পুৱা মৃতদেহটো পুতিবৰ বাবে যো – জা কৰোতে লক্ষীৰামৰ আচৰণ আৰু মৃতদেহটোৰ শৰীৰত গুৰুতৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰি চুবুৰীয়া লোকে দেবেৰাপাৰ আৰক্ষীক খবৰ দিয়ে । উল্লেখ্য যে হত্যাকাৰী লক্ষীৰামে মদ্যপান কৰি দীৰ্ঘদিন ধৰি পত্নী চম্বাৰী কৰ্মকাৰৰ লগত কাজিয়াত লিপ্ত হৈ নিৰ্মম শাৰীৰিক নিৰ্যাতন চলাই আহিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে । যোৱা নিশা কাজিয়াই চুড়ান্ত ৰূপ লয় আৰু হত্যাৰ বলি হয় পত্নী চম্বাৰী কৰ্মকাৰ । স্থানীয় ৰাইজৰ এক সূত্ৰ মতে লক্ষীৰামে ঘৰত আনি লুকুৱাই থোৱা মদৰ বটল বিচাৰি পত্নী চম্বাৰীক অমানুষিক মাৰপিট কৰে আৰু অকথ্য নিৰ্যাতন চলাই হত্যা কৰে । পিছত দেবেৰাপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰা লগতে হত্যাকাৰী স্বামী লক্ষীৰামক আটক কৰে । দেবেৰাপাৰ আৰক্ষীয়ে হত্যাকাৰী লক্ষীৰাম কৰ্মকাৰক গ্ৰেপ্তাৰ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাই চাহ বাগিচা অঞ্চলসমূহত চুলাই মদৰ অবাধ প্ৰচলনৰ ফলত হত্যা, ধৰ্ষণ, চুৰি ডকাইতি আদিৰ দৰে অপৰাধ মূলক ঘটনা সংঘটিত হোৱাৰ কথাটোক পুনৰ প্ৰমাণ কৰিলে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া