পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীত কালী গোহানীৰ পূজা সম্পন্ন
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীত থকা ২৫ হাত উচ্চতাৰ (৩৭ফুট) বিশ্বৰ অদ্বিতীয় কালী গোহানীৰ পূজা কালি ৰাতিৰে পৰা আৰম্ভ হৈ আজি পুৱতিনিশা সম্পন্ন হয়। এই উপলক্ষে প্ৰতিবছৰৰ দৰে এই বেলিও কাৰ্যসূচী অনুসৰি, পুৱা ৯ বজাৰ পৰা শিৱ পুজা আৰু মনসা পূজা অনুষ্ঠিত হয় । পিছৰ কাৰ্যসূচী অনুসৰি, দিনৰ ভাগত চন্ডী পূজা অনুষ্ঠিত হয় । পৰৱৰ্তী কাৰ্যসূচী অনুসৰি, কালি আবেলি বাৰেৰহনীয়া ধৰ্মীয় সাজ পাৰ পৰিধান কৰি,মহামায়া স্নানঘাট মন্দিৰৰ পৰা মঙ্গল ঘটত পানী তুলি পদব্ৰজে পুৰুষ মহিলাসকলে শোভাযাত্ৰা কৰি কালী গোহাঁনীৰ পূজা স্থলিত সমবেত হয়। পিছত ৰাতি ৮:৩০মান বজাৰ পৰা,আৰম্ভ হোৱা কালী গোঁহানী মূল পূজা আৰম্ভ হয়। বিশিষ্ট সংস্কৃত ব্ৰাহ্মণ পন্ডিতৰ মন্ত্ৰ উচ্চাৰণ যোগেদি পূজা আৰম্ভ হয় আৰু পূজা আজি পুৱতি নিশালৈকে চলে। এই উপলক্ষে মা কালী গোঁহানীৰ আশীষ লবলৈ বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় আৰু কালীমাৰ ওচৰত পুষ্পাঞ্জলি প্ৰদান কৰে। কালি পৰা আৰম্ভ হোৱা এই পূজাত অংশ গ্ৰহণ কৰিবলৈ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে গোটেই ৰাতি উজাগৰে থকা দৃশ্যই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে। এই ঐতিহাসিক পূজা উপলক্ষে সাত দিনীয়া কাৰ্যসূচীৰে মেলা আয়োজন কৰিছে উদ্যোক্তাসকলে। লগতে এই বাৰ্ষিক পূজা আৰু মেলা উপলক্ষে তৰেন্দ্ৰ নাথ বসুমাতাৰীক সভাপতি, দিলীপ কুমাৰ পালক কাৰ্যকৰী সভাপতি আৰু ৰতন লাল সাহাক সম্পাদক হিচাপে লৈ এক শক্তিশালী কমিটি গঠন কৰা হয়।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী