নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ চিকিৎসকৰ গৃহৰ পৰা পাঁচ লাখ টকাৰ অলংকাৰ চুৰি কৰি ৰঙাঘৰৰ আলহী যুৱতী

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ বজালী জিলা বাঘমাৰাৰ এগৰাকী চিকিৎসকৰ গৃহৰ পৰা প্ৰায় পাঁচ লাখ টকা মূল্যৰ সোনৰ অলংকাৰ চুৰি কৰি সম্প্ৰতি ৰঙা ঘৰৰ আলহী হবলগীয়া হৈছে এগৰাকী যুৱতী৷ ঘটনা সন্দৰ্ভত বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰে দাসে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি কালি সন্ধিয়া বজালী জিলাৰ পাটাছাৰকুছি থানাৰ অন্তৰ্গত নিত্যানন্দ গোসাইপাৰাৰ পুৰবী দাস নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীয়ে বজালীৰ বাঘমাৰা নিৱাসী চিকিৎসক ডাঃ বিশালজ্যোতি কলিতাৰ গৃহৰ পৰা প্ৰায় পাঁচ লাখ টকা মূল্যৰ সোনৰ অলংকাৰ লৈ পলায়ন কৰে৷ ইয়াৰ পিছতে বিচাৰ খোচাৰ কৰাত যুৱতীগৰাকীয়ে পাঠশালাৰ পৰা গুৱাহাটীলৈ যোৱা এখন বাছত উঠা প্ৰত্যক্ষ কৰা বুলি একাংশ লোকে চিকিৎসকগৰাকীক জনায়৷ ইয়াৰ পিছতে তেওঁ এই সন্দৰ্ভত বজালী আৰক্ষীক খবৰ দিয়ে৷ বজালী আৰক্ষীয়ে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি চাংচাৰী আৰক্ষীৰ সতে যোগাযোগ কৰাত চাংচাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ বৰগোহাঞিৰ নেতৃত্বত আৰক্ষীৰ এটি দলে মদনপুৰ টোল গেটত এখন বাছৰ পৰা যুৱতীগৰাকীক চুৰি অলংকাৰ সহ আটক কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে যুৱতীগৰাকীৰ বিৰুদ্ধে পাটাছাৰকুছি থানাত ভাৰতীয় ভাৰতীয় দণ্ডবিধিৰ ৯৮/২০২২ U/S ৩৭৯ ধাৰাত অধীনত এটি গোচৰ ৰুজু কৰি যুৱতীগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়৷ বিষয়টো সন্দৰ্ভত বজালী আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমক ব্যক্ত কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like