নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ “ভবা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি“…পিচে এই কথা এজনৰ লোকৰ জীৱনত যেন ১০ বছৰৰ চেষ্টাৰ পাছত ভুল বুলি প্ৰমাণিত হ’ল ।
দৰাচলতে ডুবাইত বাস কৰা শ্ৰীজিত নামৰ এজন ভাৰতীয় লোকে সুদীৰ্ঘ ১০ বছৰে ক্ৰয় কৰি আহিছিল লটাৰীৰ টিকট । ভিবিছিল কোনোবা দিনা তেওঁৰো ভাগ্য উজলিব । কিন্তু প্ৰত্যেক বাৰেই তেওঁ অসফল হৈছিল । পিচে এইবাৰ তেওঁৰ ভাগ্য উজলিল আৰু তেওঁ লাভ কৰিলে নগদ ৩৯ লাখ টকা সহ এখন বিলাসী বাহন ।
উল্লেখ্য যে ‘ডুবাই ছ’পিং ফেষ্টিভেল’ৰ ২৫ সংখ্যক সংস্কৰণত এই লটাৰীখেলখন অনুষ্ঠিত হৈছিল ।