নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত অব্যাহত গো-ধনৰ চোৰাং সৰবৰাহঃ আৰক্ষীৰ অভিযানত জব্দ ১০টা গৰু

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ   মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চোৰাং  গো-ধনৰ সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো বঙাইগাঁও জিলাৰ যোগীঘোপাত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । জিলাখনৰ যোগীঘোপা থানাৰ অন্তৰ্গত কচুদোলাত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই ১০ টাকৈ চোৰাং গৰু জব্দ কৰে ।জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে যোৱা নিশা প্ৰায় ১০:৩০ বজাত কচুদোলা শ্মশান ঘাটৰ সমীপত নৈৰ পৰাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায় । আৰক্ষীৰ উক্ত অভিযানত দহ টাকৈ চোৰাং গৰু জব্দ কৰে। আনহাতে চোৰাং গৰু বেপাৰীয়ে  আৰক্ষীৰ অভিযানৰ উমান পাই নিশাৰ অন্ধকাৰ সুযোগ গ্ৰহণ কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে । জনা মতে, চোৰাং গৰু বেপাৰীয়ে অন্য জিলাৰ পৰা যোৱা নিশা  তিনিখনকৈ গাড়ীৰে গৰু সমুহ কচুদোলালৈ আনে ।এই খবৰ যোগীঘোপা আৰক্ষীয়ে লাভ কৰি নিশাই কচুদোলাত অভিযান চলাই গৰু সমুহ জব্দ কৰিব’লৈ সক্ষম হয় । উল্লেখ্য যে,  ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চোৰাং গৰু সৰবৰাহ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰিছে যদিও একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে গৰুৰ অবৈধ সৰবৰাহ । দীৰ্ঘদিনৰ পৰা বঙাইগাঁও জিলাত চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছিল একাংশ গৰু সৰবৰাহকাৰীয়ে ।একাংশ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে আন জিলাৰ পৰা গাড়ীৰে চোৰাং গৰু যোগীঘোপাৰ কচুদোলা আৰু ঔডুবীৰ নৈৰ পাৰ লৈ আনি ব্ৰহ্মপুত্ৰ নদীত  নাওঁৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰ, জলেশ্বৰলৈ সৰবৰাহ কৰি আহিছে ।জনা মতে, চোৰাং গৰু বেপাৰীয়ে গোৱালপাৰা জিলাৰ লক্ষীপুৰ,জলেশ্বৰৰ পৰা পোনে পোনে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু চুবুৰীয়া দেশ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে । অভিযোগ মতে, চোৰাং গৰু বেপাৰীয়ে দীৰ্ঘদিনৰ পৰা  দিনে-নিশাই যোগীঘোপাৰ মাজেৰে অবৈধ ভাৱে এনেদৰে গৰু সৰবৰাহ অব্যাহত ৰাখিছে । এই সকল চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব’লৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like