ভাৰতৰ বৈদেশিক নীতিত এক দৃষ্টিপাত
এখন সার্বভৌম ৰাষ্ট্রৰ সামগ্রিক পৰিচালনাত ইয়াৰ বৈদেশিক নীতিয়ে এক অতিশয় গুৰুত্বপূর্ণ প্রভাৱ বিস্তাৰ কৰে৷ ১৯৪৭ চনত ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত স্বতন্ত্রভাৱে নীতি প্রস্তুত কৰাৰ সুযোগ পায়৷ তাৰ আগলৈকে ব্রিটিছ সাম্রাজ্যৰ বৈদেশিক নীতিয়েই ভাৰতৰো বৈদেশিক নীতি আছিল৷ লক্ষণীয়ভাৱে ভাৰতে স্বাধীনতা লাভৰ ক্ষণৰে পৰা বিশ্বশান্তি আৰু গোলকীয় সহযোগিতাকে ইয়াৰ পৰৰাষ্ট্র নীতিৰ আধাৰ হিচাপে গ্রহণ কৰিছিল৷ আৰম্ভণিৰ পৰাই আমাৰ দেশে আন সকলো দেশৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষাৰ ওপৰত গুৰুত্ব দি আহিছে৷ ১৯৫৫ চনৰ এপ্রিল মাহত ইণ্ডোনেছিয়াৰ বাণ্ডুং নামে ঠাইত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্রীয় সন্মিলনত ভাৰতৰ বৈদেশিক নীতিয়ে সবলভাৱে আত্মপ্রকাশ কৰিছিল৷ মন কৰিবলগীয়া যে বাণ্ডুং সন্মিলনত অংশগ্রহণ কৰা অধিকাংশ ৰাষ্ট্রই ঔপনিৱেশিক শাসনৰ পৰা সদ্যমুক্তিপ্রাপ্ত ৰাষ্ট্র আছিল৷ এই দেশসমূহৰ স্বাভাৱিকতে কিছুমান উমৈহতীয়া সমস্যা আছিল৷ এনে সমস্যাৱলীৰ শান্তিপূর্ণ উপায়েৰে সমাধান কৰাৰ সন্দর্ভত বাণ্ডুং সন্মিলন প্রায় ঐকমত্যত উপনীত হৈছিল৷ ইয়াত ভাৰতে বৌদ্ধ আদর্শৰ পৰা উদ্ভূত ‘পঞ্চশীল’ নামেৰে প্রসিদ্ধ তত্ত্বৰ আধাৰত প্রস্তুত এক নীতি বিশ্ব সম্প্রদায়ৰ সমুখত দাঙি ধৰিছিল৷ প্রায় সকলো দেশে এই নীতিলৈ অকুণ্ঠ সমর্থন আগবঢ়াইছিল৷ আনকি আমাৰ প্রতিৱেশী চীন দেশেও পঞ্চশীল নীতিৰ প্রতি আস্থা প্রদর্শন কৰিছিল৷ কিন্তু বাণ্ডুং সন্মিলন অনুষ্ঠিত হোৱাৰ বছৰ দিয়েকৰ ভিতৰতে চীনা নেতৃবৃন্দই পঞ্চশীলৰ মহান নীতিৰ প্রতি অংগুষ্ঠ প্রদর্শন কৰি তিব্বত নামৰ একালৰ স্বতন্ত্র দেশখনক নিজা অংগীভূত কৰি পেলায়৷ চীনৰ এই কার্যৰ পিছত পঞ্চশীল নীতিৰ একো তাৎপর্য বাকী থকা নাছিল৷ পৰৱর্তী পর্যায়ত চীনে ভাৰতকে মুখ্য কৰি আন বহুতো চুবুৰীয়া দেশৰ প্রতি অবন্ধুত্বসুলভ মনোভাব প্রকাশ্যে প্রদর্শন কৰিবলৈ ধৰিলে৷ দেশখনৰ এই আগ্রাসী মনোভাব তুংগত উঠে, যেতিয়া চীনে ভাৰতৰ বিৰুদ্ধে এক আক্রমণ সংঘটিত কৰে ১৯৬২ চনৰ অক্টোবৰ মাহত৷ ইপিনে, পাকিস্তানে জন্মলগ্ণৰে পৰা চূড়ান্ত ভাৰত–বিদ্বেষ দর্শাই অহাৰ কথা সর্বজনবিদিত৷ এতেকে দুইদিশে দুখন শত্রুদেশৰ মাজত অৱস্থান কৰা ভাৰতৰ বাবে বিশ্বশান্তি এক দিবাস্বপ্ণৰ দৰে হৈ পৰিল৷ চীনা নেতৃত্বৰ বিশ্বাসঘাতকতাই ভাৰত চৰকাৰক ইয়াৰ বৈদেশিক নীতি পুনর্বিবেচনা কৰিবলৈ বাধ্য কৰিলে৷ শান্তিপ্রিয় ভাৰতক কিছুমান অভাৱনীয় পদক্ষেপ দিবলৈ প্রণোদিত কৰিলে৷ ১৯৬২ চনৰ চীনা আক্রমণৰ পিছত সমগ্র ভাৰতজুৰি পৰমাণু বোমা নির্মাণৰ সপক্ষে এক প্রবল জনমতে গা কৰি উঠিল৷ ভাৰত চৰকাৰেও আত্মৰক্ষাৰ স্বার্থত পাৰমাণৱিক কার্যসূচী গ্রহণৰ সিদ্ধান্ত ল’লে৷ অৱশেষত ১৯৭৪ চনৰ ১৮ মে’ৰ দিনা ৰাজস্থানৰ পোখৰাণত ভাৰতৰ প্রথমটো পাৰমাণৱিক বোমাৰ সফল পৰীক্ষা সম্পন্ন হ’ল৷ এই ঘটনা ভাৰতৰ প্রতিৰক্ষা আৰু বৈদেশিক নীতিৰ ক্ষেত্রত এক ক্রান্তিবিন্দু ৰূপে পৰিগণিত হৈ আহিছে৷
আনহাতে, দ্বিতীয় মহাযুদ্ধৰ সমাপ্তিৰ পিছৰ পৰাই এক ‘শীতল যুদ্ধ’ৰ অস্তিত্বই বিশ্ববাসীৰ মনত তোলপাৰ লগাই আহিছিল৷ এই সংঘাতৰ এটা প্রান্তত আছিল মার্কিন যুক্তৰাষ্ট্র নেতৃত্বাধীন পুঁজিবাদী দেশসমূহ আৰু আনটো প্রান্তত অৱস্থান কৰিছিল তদানীন্তন ছোভিয়েট ইউনিয়নৰ অনুগামী সাম্যবাদী (কমিউনিষ্ট) শিবিৰে৷ পৃথিৱীৰ যি কিছুসংখ্যক দেশে পূর্বোক্ত দুই শিবিৰৰ পৰা সমদূৰত্ব ৰক্ষা কৰি চলিছিল, সিবোৰৰ ভিতৰত ভাৰতো আছিল অন্যতম৷ দুই বৃহৎ শক্তি মার্কিন যুক্তৰাষ্ট্র আৰু ছোভিয়েট ইউনিয়নৰ প্রতি সমতাপূর্ণ আচৰণ কৰাটো নেহৰুকালীন ভাৰতৰ এক প্রধান বৈশিষ্ট্য আছিল৷ পিছে সেই সময়ত আমেৰিকাই এছিয়া মহাদেশত নিজৰ আধিপত্য বজাই ৰখাৰ নিমিত্তে সামৰিক অংশীদাৰ হিচাপে ভাৰততকৈ পাকিস্তানকহে বেছি পছন্দ কৰিছিল৷ মার্কিন যুক্তৰাষ্ট্রৰ এই স্থিতিৰ হেতু ভাৰত ছোভিয়েট ৰাছিয়াৰ কাষ চাপি যাবলৈ বাধ্য হৈছিল৷ গোষ্ঠী–নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰিলেও ভাৰতৰ বাবে বিভিন্ন সময়ত বিপদৰ বন্ধু হৈ উঠিছিল সেই সময়ৰ ছোভিয়েট ইউনিয়ন৷ বিশেষকৈ ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ছোভিয়েট দেশৰ সমর্থন লাভ নকৰা হ’লে ভাৰতৰ পৰাজয় অৱধাৰিত আছিল৷
অৱশ্যে ১৯৯১ চনত শীতলযুদ্ধৰ অৱসান ঘটাৰ পিছৰ কালছোৱাত বিশ্ব–ৰাজনীতিৰ সমীকৰণত আমূল পৰিৱর্তন ঘটিবলৈ ধৰে৷ ক্রমশঃ শক্তি সঞ্চয় কৰা চীনদেশ এতিয়া মার্কিন যুক্তৰাষ্ট্রৰ বাবে এক নম্বৰ প্রতিদ্বন্দ্বী হৈ উঠে৷ তদুপৰি চীন–পাকিস্তান যিহেতু অভিন্নহূদয় মিত্র ৰূপে পৰিচিত হয়, তাৰ পৰিপ্রেক্ষিতত মার্কিন যুক্তৰাষ্ট্রৰ বাবে ভাৰতৰ গুৰুত্ব হঠাৎ বৃদ্ধি পোৱা দেখা যায়৷ একে সময়তে বহুসংখ্যক ইছলামিক সন্ত্রাসবাদী সংগঠনক পৃষ্ঠপোষকতা কৰি অহাৰ বাবেও পাকিস্তান মার্কিন যুক্তৰাষ্ট্রৰ কোপদৃষ্টিত পৰে৷ এটা সময়ত সামৰিক আৰু আর্থিক উভয় ক্ষেত্রতে যুক্তৰাষ্ট্রৰ পৰা উদাৰ সাহায্য লাভ কৰা পাকিস্তানৰ বৈদেশিক নীতিৰ ভুলৰ বাবেই আজি দেশখনৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ তাৰ বিপৰীতে ভাৰতে মার্কিন যুক্তৰাষ্ট্র আৰু ৰাছিয়াৰ সৈতে মিত্রতাৰ ক্ষেত্রত এক সূক্ষ্ম সন্তুলন ৰক্ষা কৰি চলিবলৈ সমর্থ হৈছে৷ থূলমূলকৈ ক’বলৈ হ’লে ভাৰতৰ বৈদেশিক নীতি এনে এক আদর্শৰ ওপৰত প্রতিষ্ঠিত যে কাৰোবাৰ বেছি কাষ চাপিবলৈ গৈ আন কাৰোবাৰ লগত থকা পুৰণি মিত্রতাৰ সম্বন্ধ ত্যাগ কৰিবলৈ ই প্রস্তুত নহয়৷
অতি সম্প্রতি সংঘটিত ৰাছিয়া–ইউক্রেইন যুদ্ধই ভাৰতৰ বৈদেশিক নীতিক গভীৰভাৱে প্রভাৱিত কৰিব বুলি অনেকে আশংকা প্রকাশ কৰিছিল৷ কিন্তু বাস্তৱত তেনে নোহোৱাটোৱে ভাৰতবাসীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ দেশখনৰ বাবে গৌৰৱৰ বিষয় এয়ে যে আজিৰ পৃথিৱীত চীন আৰু পাকিস্তানত বাদে সকলো দেশেই ভাৰতক বিচাৰে৷ চীনৰ ক্রমবর্ধমান শক্তি ৰোধ কৰিবলৈ মার্কিন যুক্তৰাষ্ট্রৰ বাবেও ভাৰত অপৰিহার্য৷ এই উদ্দেশ্য আগত ৰাখি গঠন কৰা চতুর্দেশীয় সংগঠন ‘কোৱাড’ৰ Quad) অন্যতম বিশিষ্ট সদস্য দেশ ভাৰত৷ সেইবাবেই ভাৰতে ৰাছিয়াৰ পৰা এছ–৪০০ ক্ষেপণাস্ত্র–প্রতিৰোধ্ পদ্ধতি ক্রয় কৰাৰ পিছতো যুক্তৰাষ্ট্রই এই পর্যন্ত ভাৰতৰ বিৰুদ্ধে অর্থনৈতিক বর্জন ব্যৱস্থা ঘোষণা কৰা নাই৷ জনৈক মার্কিন ছিনেটৰৰ মতে চীনক ৰুধিবৰ বাবেই এখন শক্তিশালী ভাৰতৰ প্রয়োজন৷ এটা কথাত সন্দেহৰ থল নাই যে চীনেই ভাৰতৰ বৃহত্তম শত্রু৷ তদুপৰি মার্কিন যুক্তৰাষ্ট্রই ভাৰতক শত্রুজ্ঞান কৰিব লগা তেনে কোনো জটিল বিষয় দৃষ্টিগোচৰ হোৱা নাই৷ কোনোবাই হয়তো ক’ব যে ৰাছিয়া–ইউক্রেইন যুদ্ধ সংক্রান্ত প্রশ্ণত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত ভোটদানৰ পৰা বিৰত থকাৰ হেতু ভাৰত মার্কিন যুক্তৰাষ্ট্রৰ বিৰাগভাজন হৈছে৷ কিন্তু ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাটো বিশ্বশান্তিৰ পক্ষে অত্যন্ত ক্ষতিকৰ কার্য হ’লেও ভাৰত ৰাছিয়াৰ ওচৰত নৈতিকভাৱে দায়বদ্ধ৷ কিয়নো, বিগত সাত দশকৰ অধিক কালছোৱাত ৰাছিয়াৰ অকুণ্ঠ সামৰিক সাহায্য অবিহনে ভাৰত আজিৰ দৰে সামৰিক শক্তিৰ অধিকাৰী হ’ব নোৱাৰিলেহেঁতেন৷ যি সময়ত মার্কিন পক্ষই ভাৰতৰ চিৰবৈৰী দেশ পাকিস্তানক এফ–১৬ৰ দৰে কৌশলী যুদ্ধবিমান যোগান ধৰিছিল, তেতিয়া ভাৰতৰ একমাত্র আশা–ভৰসাৰ স্থল আছিল ছোভিয়েট ৰাছিয়া৷ বাংলাদেশ যুদ্ধৰ সময়ত ভাৰতে ছোভিয়েট সংঘৰ কেনে উদাৰ সমর্থন লাভ কৰিছিল, সেই কথা ইতিমধ্যে কোৱা হৈছে৷ বর্তমান সময়ত ভাৰতৰ বৈদেশিক নীতি নির্ধাৰণ কৰিবলৈ যাওঁতে অতীতৰ ঘটনাৱলীৰ ধাৰাবাহিকতা নিশ্চয় উপেক্ষা কৰিব পৰা নাযায়৷ ‘বিপদৰ বন্ধু’ৰ প্রতি কৃতঘ্ণতা প্রদর্শন কৰাটো ভাৰতীয় নৈতিকতাৰ আদর্শৰ লগত খাপ নোখোৱা কথা৷
অন্য এক দৃষ্টিপাতৰ পৰাও শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰিব পৰা যায়৷ কূটনৈতিক বিচক্ষণতাৰ ক্ষেত্রত বাংলাদেশ ভাৰতৰ বাবেও দৃষ্টান্তস্বৰূপ হ’ব পাৰে৷ উল্লেখযোগ্য যে ১৯৭১ চনত চীনে বাংলাদেশ গঠনৰ প্রক্রিয়াটোৰ তীব্র বিৰোধিতা কৰিছিল৷ কিন্তু সেই চীনদেশেই আজি বাংলাদেশৰ পৰম মিত্রত পৰিণত হৈছে৷ ভাৰত–চীনৰ বৈৰিতাৰ কথা বাংলা নেতৃবৃন্দৰ অবিদিত নহয়৷ কিন্তু তাৰ পাছতো এই দেশখনে ভাৰত আৰু চীন উভয়ৰে লগত মিত্রতাৰ সন্তুলন ৰক্ষা কৰি চলিবলৈ সমর্থ হৈছে৷ অর্থাৎ নিজ দেশৰ উন্নয়ন ক্ষিপ্র কৰি তোলাৰ স্বার্থত বাংলাদেশ চৰকাৰে পূর্বৰ শত্রুতাৰ কথা পাহৰি চীনৰ উদাৰ সাহায্য আঁকোৱালি লৈছে৷ এতেকে একে আর্হিতে ভাৰতে মার্কিন যুক্তৰাষ্ট্র আৰু ৰাছিয়াৰ সৈতে মিত্রতাৰ সম্বন্ধ ৰক্ষা কৰি চলাটো একো অসম্ভৱ কথা নহয়৷ ১৯৯৮ চনৰ মে’ মাহত যেতিয়া ভাৰতে ৰাজস্থানৰ ভূগর্ভত হাইড্র’জেন বোমাৰ সফল পৰীক্ষা সম্পন্ন কৰিছিল, সেই সময়তো আমাৰ দেশখন মার্কিন বর্জন ব্যৱস্থাৰ কবলত পৰিছিল৷ কিন্তু এনেবোৰ বিষয়ত অর্থনৈতিক বর্জনৰ ভাবুকিৰ সমুখত ভাৰতে কেতিয়াও শিৰ নত কৰা নাই৷ এতিয়াৰ কথাতো আগতকৈও সুকীয়া৷ চীনক ৰুধিবলৈ যুক্তৰাষ্ট্রক ভাৰতৰ সহায় আজি অপৰিহার্য হৈ উঠিছে৷
বিশ্ব ৰাজনীতিৰ সাম্প্রতিক প্রেক্ষাপটত দৃষ্টিপাত কৰি এটা কথাই ক’ব পাৰি যে এইখন ক্ষেত্রত সকলো সময়তে দুয়ে দুয়ে মিলি চাৰি হ’ব বুলি ভবাটো ভুল৷ প্রায় তিনি বছৰ পূর্বে মোদী চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ ৰদ কৰি কাশ্মীৰক এক কেন্দ্র–শাসিত অঞ্চলত পৰিণত কৰাৰ পিছত পাকিস্তানে ভাবিছিল যে এই বিষয়টো সন্দর্ভত ইছলামিক বিশ্ব ভাৰতৰ বিপক্ষে মাৰ বান্ধি থিয় দিব৷ পিছে বাস্তৱত তেনে একো নঘটিল৷ বৰঞ্চ মুছলিম সম্প্রদায়ৰ দুই নেতৃস্থানীয় দেশ ছৌদি আৰব আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্রৰ লগত এতিয়া ভাৰতৰ সম্পর্ক আগতকৈও ঘনিষ্ঠ হৈহে উঠিছে৷ ওপৰৰ উদাহৰণসমূহে সন্দেহাতীতভাৱে ভাৰতৰ বৈদেশিক নীতিৰ সাফল্যকে ঘোষণা কৰিছে৷