নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচবুকে ঘূৰাই আনিলে ৪৮ বছৰে নিৰুদ্দেশ হৈ থকা এগৰাকী লোকক

নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ যেতিয়া এজন লোকক নিজৰ পৰিয়ালে মৃত বুলি ধৰি লয় আৰু তেওঁ পুনৰ ৪৮ বছৰৰ পাছত পৰিয়াললৈ ঘূৰি আহে, তেন্তে সেয়া আচৰিত ঘটনাতকৈ কোনোগুণে কম নহয় ।

এই আচৰিত ঘটনাটো সংঘটিত হৈছে বাংলাদেশত । হবিবুৰ ৰহমান নামৰ বাংলাদেশৰ লোকজনে চিমেণ্ট ব্যৱসায় কৰিছিল আৰু তেওঁৰ নিজৰ ৩০ বছৰ বয়সত এই ব্যৱসায়ৰ বাবেই ঘৰৰ পৰা আঁতৰত আছিল । কিন্তু অকস্মাৎ লোকজনৰ কোনো খবৰ পৰিয়ালে লাভ নকৰাত সকলো চিন্তিত হৈ পৰে । ইপিনে বহু বছৰ পাছতো পৰিয়ালে তেওঁক বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত তেওঁক মৃত বুলি ধৰি লয় ।

পিচে ৪৮ বছৰৰ পাছত ৰহমানৰ আমেৰিকাত থকা পুতেক-বোৱাৰীয়েকে তেওঁক ফেচবুকৰ এটা ভিডিঅ’ত দেখা পায় । সেই ভিডিঅ’টোত এজন লোকে এখন চিকিৎসালয়ৰ সন্মুখত ভিক্ষা মাগি থকাৰ দৃশ্য দেখা পায় । ততাতৈয়াকৈ তেওঁ পৰিয়ালৰ অন্য লোকক চিকিৎসালয়খনত খবৰ কৰিবলৈ কোৱাত, পৰিয়ালৰ লোকে তেওঁৰ বিষয়ে অৱগত হয় ।

পাছত তেওঁক পৰিয়ালৰ লোকে চিকিৎসালয়খনৰ সমীপৰ পৰা উদ্ধাৰ কৰে । আৰু বিগত ৪৮ বছৰে নিৰুদ্দেশ হৈ থকা লোকজনক পৰিয়ালটোৱে আদৰি লয় ।

You might also like