নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচাৰৰ অভাৱ–গ্লেমাৰার্ছ টীমৰ অনুপস্থিতিত উন্মাদনা হেৰুৱাইছে বৰদলৈ ট্রফীয়ে

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ অসমৰ ফুটবল অনুৰাগীৰ এক হেঁপাহৰ নাম বৰদলৈ ট্রফী৷ এই প্রতিযোগিতাখনৰ সৈতে জড়িত হৈ আছে অসমীয়া জাতীয় জীৱনৰ আৱেগ–নুভূতি৷ এসময়ত বৰদলৈ ট্রফীৰ খেল উপভোগ কৰিবলৈ অহা দর্শকেৰে বিৰ দি বাট নোপোৱা অৱস্থা হৈছিল৷ গিলবার্টচন চাংমা, স্বাধীন ডেকাৰজা, বাবুল ফুকন আদি তাৰকা ফুটবলাৰৰ ভৰিৰ যাদুত সজীৱ হৈ পৰিছিল নেহৰু ষ্টেডিয়ামৰ সেউজ দলিচা৷ দেশ–বিদেশৰ খেলুৱৈৰ পদশিল্পই ৰোমাঞ্চিত কৰি তুলিছিল প্রতিগৰাকী ফুটবল অনুৰাগীৰ হূদয়৷ বৰদলৈ ট্রফীৰ ফাইনেল খেল উপভোগ কৰিবলৈ চৰকাৰী কর্মচাৰীক দিয়া হৈছিল অর্ধছুটী৷ পিছে এই ঐতিহ্যমণ্ডিত প্রতিযোগিতাখনৰ সেই সোণালী দিন অতীত হ’ল৷ ভাৰত ৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ স্মৃতিত অনুষ্ঠিত প্রতিযোগিতাখনৰ প্রতি নাই কাৰো উৎসাহ–উদ্দীপনা৷

এতিয়া বৰদলৈ ট্রফীৰ প্রতি কোনো আৱেগ, উৎসাহ অথবা হেঁপাহ নাই ফুটবল অনুৰাগীৰ৷ এইবাৰো ইয়াৰ ব্যতিক্রম নহ’ল৷ আজি নিজানে–নিতালে সামৰণি পৰিল বৰদলৈ ট্রফীৰ চূড়ান্ত খেলখন৷ বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ সূচী ঘোষণা কৰাৰ মাত্র এদিন পাছতে অনুষ্ঠিত বৰদলৈ ট্রফীৰ ফাইনেলত দর্শকৰ উপস্থিতি আছিল যথেষ্ট সেৰেঙা৷ চলিত বর্ষৰ নৱেম্বৰত কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপক লৈ অসমৰ সংবাদ মাধ্যম ব্যস্ত হৈ থকাৰ বিপৰীতে বৰদলৈ ট্রফীৰ প্রচাৰৰ প্রতি কি বৈদ্যুতিন, কি ছপা মাধ্যম কোনেও যেন উৎসাহী নহয়৷ কিছুদিন পাছতে বিশ্বকাপৰ জ্বৰত আক্রান্ত হ’ব সমগ্র বিশ্ব৷ সেই জ্বৰে স্পর্শ কৰিব অসমৰ জকাইচুকৰ অঞ্চলসমূহো৷ এনে অৱস্থাতো বৰদলৈ ট্রফী চাবলৈ দর্শক নহাৰ কাৰণ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে৷ এইক্ষেত্রত অসম চৰকাৰৰ ক্রীড়া বিভাগ, অসম ফুটবল সন্থা আৰু প্রতিযোগিতাখনৰ আয়োজক গুৱাহাটী ক্রীড়া সন্থাৰো কৰণীয় যথেষ্টখিনি আছে৷ যোৰহাটৰ এ টি পি এ শ্বিল্ড, নগাঁৱৰ স্বাধীনতা কাপ, তেজপুৰৰ ডুগৰ শ্বিল্ড অথবা মঙলদৈত অনুষ্ঠিত হৈ অহা অম্বা মেধি ফুটবল প্রতিযোগিতা আদিত দর্শকৰ অভাৱ নহয়৷ কিন্তু বৰদলৈ ট্রফীৰ খেল চাবলৈ দর্শক–নুৰাগীৰ এই অনিহা কিয়? এসময়ত বৰদলৈ ট্রফীৰ কথা ক’লেই দুচকু উজ্জ্বল হৈ পৰা প্রাক্তন তাৰকা ফুটবলাৰ গিলবার্টচন চাংমাৰ আজি প্রতিযোগিতাখনৰ কথা ক’লেই দুচকু সেমেকি উঠে৷ শাৰীৰিকভাৱে অসুস্থ খেলুৱৈগৰাকীৰ স্মৃতিত সজীৱ হৈ আছে বৰদলৈ ট্রফীৰ সোণালী দিনৰ প্রতিটো মুহূর্ত৷ মহানগৰীত অনুষ্ঠিত হোৱা সত্ত্বেও প্রয়োজনীয় প্রচাৰৰ অভাৱতে প্রতিযোগিতাখনৰ সুনাম বহু পৰিমাণে ম্লান হোৱা বুলি অনুভৱ কৰে একাংশ ক্রীড়া সংগঠকে৷

গুৱাহাটী ক্রীড়া সন্থাৰ সহকাৰী সম্পাদক তথা সাংবাদিক সিদ্ধার্থ শংকৰ ডেকাই কয় যে ‘ছচিয়েল মিডিয়া’ৰ জৰিয়তে প্রতিখন মেচৰ পোনপটীয়া প্রচাৰ কৰিব পাৰিলে নিশ্চিতভাৱে দর্শক পোৱা যাব৷ বিগত দুবছৰ ধৰি সন্থাই এই দিশটোত গুৰুত্ব দিয়া বুলিও তেওঁ জানিবলৈ দিয়ে৷ বিশিষ্ট সাংবাদিক আৰু ক্রীড়া সংগঠনক প্রণয় বৰদলৈৰ মতেও প্রচাৰত কিছু গুৰুত্ব দিবলগীয়া আছে৷ সেয়া হ’লে লাহে লাহে প্রতিযোগিতাখনত দর্শকৰ সংখ্যা বৃদ্ধি পাব৷ ইপিনে ভাল দল আমন্ত্রণ জনালেহে দর্শকৰ আগ্রহ বৃদ্ধি পাব বুলি ক’ব বিচাৰে ক্রীড়া সাংবাদিক পিনাক দত্তই৷ তেওঁ কয় যে আগশাৰীৰ দল আৰু খেলৰ মান উন্নত হ’লে নিশ্চিতভাৱে ষ্টেডিয়ামখনলৈ আহিব দর্শক৷ উল্লেখ্য যে প্রতিযোগিতাখনলৈ আই এছ এলৰ দল নর্থ–ইষ্ট ইউনাইটেড আৰু দেশৰ আগশাৰীৰ দল শ্বিলঙৰ লাজঙে প্রতিযোগিতাখনত অংশগ্রহণ কৰিছিল যদিও তাৰকা খেলুৱৈৰ অভাৱৰ বাবে দলবোৰৰ খেল আকর্ষণীয় নহ’ল আৰু লীগৰ পৰাই বিদায় ল’বলগীয়া হয়৷ আয়োজক গুৱাহাটী ক্রীড়া সন্থাই দেশৰ লগতে বিদেশী দলকো আমন্ত্রণ জনোৱাৰ পৰম্পৰা পুনৰ আৰম্ভ কৰিলে নিশ্চয় বৰদলৈ ট্রফীৰ পূর্বৰ গৰিমা উভতি আহিব বুলি আশা কৰিব পাৰিব৷

You might also like