নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক ক্রিকেট কেৰিয়াৰ সামৰিলে ৰ’ছ টেইলৰে

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ নিউজিলেণ্ডৰ কিংবদন্তি ক্রিকেটাৰ ৰ’ছ টেইলৰে আন্তর্জাতিক কেৰিয়াৰৰ অন্তিমখন এদিনীয়া মেচত নেদাৰলেণ্ডৰ বিপক্ষে ১৪ ৰান কৰি বিদায় লয়৷ হেমিল্টনত অনুষ্ঠিত মেচখন আৰম্ভ হোৱাৰ পূর্বে ৰাষ্ট্রীয় সংগীত বজাই খেলুৱৈগৰাকীক অভিবাদন জনোৱা হয়৷ সতীর্থসকলৰ সৈতে থিয় হৈ থকা সেই সময়ত টেইলৰৰ দুচকু সেমেকি উঠে৷ মেচখনত ১৬টা বল খেলি লগান ভান বিকৰ বলত আউট হোৱাৰ পিছত টেইলৰক ডাচ খেলুৱৈসকলে বিদায় সম্ভাষণ জনায়৷ নেদাৰলেণ্ডৰ বিপক্ষে খেলা তৃতীয় তথা অন্তিম মেচখন আৰম্ভ হোৱাৰ পূর্বে ৰাষ্ট্রীয় সংগীত বাজি থকা সময়ত টেইলৰৰ লগত আছিল ৩ সন্তান ক্রমে মেকেঞ্জি, জণ্টি আৰু এডেলেইড৷ তিনিওটা সন্তানে পৰিধান কৰিছিল পিছফালে পিতৃৰ নাম অংকিত ক’লা ছার্ট৷

উল্লেখ্য যে নিউজিলেণ্ডৰ এইগৰাকী মহান খেলুৱৈয়ে তেওঁৰ বর্ণিল কেৰিয়াৰত ১১২খন টেষ্ট খেলাৰ লগতে ২৩৫খন এদিনীয়া আৰু ১০২খন টি–২০ মেচত অংশগ্রহণ কৰে৷ নেদাৰলেণ্ডৰ বিপক্ষে এইখন আছিল তেওঁৰ সামগ্রিকভাৱে ৪৫০সংখ্যক মেচ৷ টেইলৰে ১১২খন টেষ্টত ৭৬৮৩ৰান, ২৩৫খন এদিনীয়াত ৮৫৯৩ আৰু ১০২খন টি–২০ মেচত সংগ্রহ কৰে ১৯০৯ ৰান৷

You might also like