ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাত বিশ্বনাথৰ দেবিনাৰ স্বর্ণ
বিশেষ বার্তা, বৰগাং, ৫ এপ্ৰিলঃ আৰ্ম ৰেচলিং এছোচিয়েচন অৱ আসামৰ উদ্যোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত যোৱা ২৭ মাৰ্চত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলিৰ দেবিনা বৰাই ৭০ কেজি শাখাত সোনৰ পদক অৰ্জন কৰে। ৭০ কেজি শাখাত তিনিগৰাকী প্ৰতিযোগীৰ ভিতৰত চূড়ান্ত খেলখন কামৰূপৰ মঞ্জুলা কলিতা নামৰ প্রতিযোগীগৰাকীক দেবিনাই পৰাভূত কৰি এই খিতাপ লাভ কৰে। উক্ত খিতাপ অৰ্জনেৰে দেবিনাই অহা ৩১ মে’ৰ পৰা ৫ জুনলৈ হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰে। পেছাত এগৰাকী অধিবক্তা বিশ্বনাথৰ গৌৰৱ দেবিনা বৰা বিশ্বনাথ চাৰিআলি কোচ গাঁওৰ নন্দেশ্বৰ বৰা আৰু মামণি বৰাৰ কন্যা। দেবিনাৰ কৃতিত্বত বিশ্বনাথবাসী ৰাইজে কৰিছে আৰু হাইদৰাবাদত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাত খিতাপ লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে