বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ মেড ইন ইণ্ডিয়া। সুদূৰ আমেৰিকাৰ লছ এঞ্জেলছ চহৰৰ মেন হল এটাৰ সন্মুখত ফটো উঠি শ্বেয়াৰ কৰিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। কিয় মেন হলৰ কাষতে ফটো তুলিলে অভিনেত্ৰীগৰাকীয়ে? স্বাভাৱিকতে মনলৈ আহিব এই প্ৰশ্ন। দেওবাৰে গিৰিয়েক তথা গায়ক নিক জোনাছৰ বেছ বল মেচ চাবলৈ ওলাইছিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে। হঠাতে পথত থকা মেন হলটোলৈ চকু গ’ল আৰু ৰৈ দিলে। আচলতে মেন হলৰ ঢাকনিখন ইণ্ডিয়ান মেড। পথত তাকে দেখি ৰৈ গ’ল প্ৰিয়ংকাই। লগত আছিল ভাগিনী কৃষ্ণা। পথতে দুয়ো উঠি দিলে ফটো আৰু শ্বেয়াৰ কৰিলে ইনষ্টাগ্ৰামৰ ষ্টৰী হিচাপে। ফটোত ঢাকনিখনত লিখা থকা মেড ইন ইণ্ডিয়া শব্দকেইটা স্পষ্টকৈ দেখা গৈছে।