চিৰাঙৰ দুঠাইত গুলীত নিহত ৩; অতিৰিক্ত আৰক্ষী অধীক্ষক গুলীবিদ্ধ হৈ আহত, জি এম চিত চিকিৎসাধিন
নিয়মীয়া বাৰ্তা ,৫ এপ্ৰিল: চিৰাং জিলাৰ দুটাকৈ স্থানত যোৱানিশা সংঘটিত গুলীচালনাৰ ঘটনাত ৩জন ব্যক্তি নিহত হোৱাৰ লগতে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুলীবিদ্ধ হৈ আহত হয়। চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত খুংগ্ৰীং অঞ্চলত চিৰাং আৰক্ষীয়ে আমটেকা ডকাইতি কাণ্ডৰ মাষ্টৰ মাইণ্ড মহন্ত নাৰ্জাৰী খুংগ্ৰীং বন গাঁৱৰ নিকটৱৰ্ত্তী চিধাগুৰীত আত্মগোপণ কৰি থকা বুলি সম্ভেদ লাভ কৰে। ডকাইতিত জড়িত দুৰ্বৃত্তৰ দলটোক আটক কৰাৰ বাবে জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত কালি নিশাৰ ভাগত চিৰাং আৰক্ষীৰ এটা দলে অভিযান চলায়। মহন্ত নাৰ্জাৰীয়ে আশ্ৰয় লৈ থকা ঘৰটোৰ চৌহদত আৰক্ষী উপস্থিত হোৱা মাত্ৰেই ঘৰটোৰ ভিতৰৰ পৰা ডকাইত দলে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ডকাইতৰ দুটা গুলীয়ে অতিৰিক্ত অধীক্ষক প্ৰকাশ মেধিৰ সোঁ বাহুত আঘাত কৰে। লগে লগে আৰক্ষীয়ে ডকাইতৰ দলক গুলীৰে প্ৰত্যুত্তৰ দিয়াত মহন্ত নাৰ্জাৰী আৰু এজন অচিনাক্ত ডকাইত গুলী বিদ্ধ হৈ ঢলি পৰে।
অভিযানকাৰী দলে ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত অতিৰিক্ত অধীক্ষক মেধিৰ লগতে দুয়োজন ডকাইতক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। চিকিৎসকে ডাকাইত দুজনক মৃত ঘোষণা কৰাৰ বিপৰীতে অতিৰিক্ত অধীক্ষক প্ৰকাশ মেধিক আকস্মিক চিকিৎসা প্ৰদানৰ পাছত নিশাৰ ভাগতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আজি চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে নিহত ডকাইত দুজনৰ জিম্মাৰ পৰা দুটা পিষ্টল, কম্বল আদিৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী কিছুমান উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিহত মহন্ত নাৰ্জাৰীৰ ঘৰ আমটেকাত বুলি জনোৱাৰ লগতে পূৰ্বে বহু অপৰাধ মূলক কাৰ্যত জড়িত থকাৰ কথাও উল্লেখ কৰে।
আনহাতে নিহত আনজনক এই মুহূৰ্তলৈ চিনাক্ত কৰিব পৰা নাই। ক্ৰমে শান্তিৰ পৰিৱেশ ঘূৰি অহা জিলা খনত এটা সমাজ বিৰোধী তথা অপৰাধী চক্ৰই সহজলভ্য ধনৰ লালসাত এনে ধৰণৰ আসামিজ কামত লিপ্ত হৈছে বুলি মন্তব্য কৰে। জিলা আৰক্ষীয়ে এই কাৰ্যৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে। আনফালে কালি নিশা প্ৰায় একে সময়তে ঢালিগাঁও থানাৰ অন্তৰ্গত কিষান বজাৰৰ সমীপৰ দক্ষিণ খামাৰপাৰতো ডকাইতৰ গুলীত ৰাজা বড়ো(২০) নামৰ এজন যুৱকৰ মৃত্যু হয়। মধ্য খামাৰপাৰাৰ বাসিন্দা তথা ৰাজা বড়োৰ ভিনিহীয়েক মনোৰঞ্জন নাৰ্জাৰী ওৰফে মন্ত্ৰীৰ ঘৰত দুজন মাৰণাস্ত্ৰধাৰী ডকাইত প্ৰৱেশ কৰিছিল। ডকাইতিৰ খবৰ পোৱা মাত্ৰেই ৰাজা বড়োই হাতত কেটেপা লৈ এজন কিশোৰীৰ সৈত লৰালৰিকৈ বায়েকৰ ঘৰলৈ খবৰ লোৱাৰ উদ্দেশ্যে ওলাই যায়। দুয়ো গৈ থকা মুহূৰ্ততে দক্ষিণ খামাৰপাৰা ১৫৯ নং এল পি স্কুলৰ সমীপত ৰাস্তাৰ ওপৰত ডকাইতৰ সৈতে মুখামুখি হয়। ডকাইতে ৰাজাক গুলীয়ায় হত্যা কৰাৰ পাছত কিশোৰ জনক গুলীয়াবলৈ লোৱা মুহূৰ্তত কৌশলৰে কিশোৰ জনে দৌৰি পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে। কিশোৰ জনৰ মুখৰ পৰা ৰাজা বড়োক গুলীওৱা বুলি গাঁৱৰ বাসিন্দা সকলে গম পাই ঘটনাস্থলত উপস্থিত হৈ পথৰ ওপৰত ৰাজা বড়োৰ ৰক্তাক্ত নিঠৰ দেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
ঘটনাৰ খবৰ পাই উপ আৰক্ষী অধীক্ষক আৰু ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিজৰ জিম্মাত লয়। গাঁৱৰ বাসিন্দা সকলে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ডকাইত দুজন ৰাজা বড়োৰ চিনাকি আছিল বাবেই গুলীয়ায় হত্যা কৰে।তথ্য প্ৰমাণ নাইকিয়া কৰিবলৈ কিশোৰ জনকো ডকাইত দুজনে হত্যাৰ চেষ্টা কৰিছিল। এই হত্যা কাণ্ডৰ খবৰ লাভ কৰাৰ পাছত আজি ৰাজা বড়োৰ ঘৰত মন্ত্ৰী ইউ জি ব্ৰহ্ম,চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, এবছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়ো,সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ উপৰিও চিৰাং জিলা এবছুৰ বিষয়ববীয়া সকল উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে। এবছু নেতা-কৰ্মী সকলে মৃতকৰ ঘৰত মৌন প্ৰাৰ্থনা কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু অসম চৰকাৰ,বিটিআৰ চৰকাৰক পিতৃহাৰা দৰিদ্ৰ পৰিয়ালটোক ৫০ লাখ টকাৰ এককালিন সাহায্য প্ৰদান কৰাৰ বাবে দাবী জনায়। এবছু সভাপতি দীপেন বড়োই এই কাণ্ডত জড়িত সকলক বিচাৰি উলিয়াই উপায়ুক্ত শাস্তি প্ৰদান কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা ড৹ হিমন্ত বিশ্ব শৰ্মাক বিটিআৰ অঞ্চলৰ শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে যিকোনো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।।
প্ৰেৰক: বিপুল কুমাৰ দাস