নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ নগেন শইকীয়াক চিকিৎসালয়ত ভর্তি

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ ড০ নগেন শইকীয়াক মঙলবাৰে তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ ৮৩ বছৰ গৰকা প্রথিতযশা সাহিত্যিকগৰাকী চহৰখনৰ জীৱন ফুকন নগৰৰ নিজ গৃহ বর্ণমালাত অসুস্থ হৈ পৰাত এখন ব্যক্তিগত হাস্পতালত মঙলবাৰে দুপৰীয়া ভর্তি কৰোৱা হয়৷ ৰক্তচাপ হ্রাস পোৱাৰ লগতে ইউৰিনেল ইনফেকচন হোৱাৰ বাবে তেওঁ অসুস্থ হৈ পৰে৷ বর্তমান ড০ নগেন শইকীয়া সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে৷ অৱশ্যে কিছুদিন তেওঁক নিৰীক্ষণত ৰাখিব চিকিৎসকে৷

You might also like