হাইলাকান্দিত ২৫ লাখ টকাৰ চুৰি হোৱা মোবাইল উদ্ধাৰঃ গ্ৰেপ্তাৰ দুই গভাইত চোৰ
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সাফল্য ২৪ ঘন্টাৰ ভিতৰত উদ্ধাৰ ২০ লাখ টকাৰ মোবাইল। যোৱা ৪ মাৰ্চত হাইলাকান্দিৰ চহৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ২৫ লক্ষ্য টকাৰ মোবাইল চুৰি হৈছিল। অতি কৌশলে দুগৰাকী চোৰে দোকানৰ পৰা চুৰি কৰিছিল এই বৃহৎ পৰিমাণৰ মোবাইল কিন্তু এই চুৰি কাণ্ডৰ সকলো দৃশ্য বন্দী হৈছিল দোকানৰ চিচিটিভি কেমেৰাত । এই চিচি টিভিৰ দৃশ্য দেখি হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম পি দাওলাগাপুৱে অনুসন্ধান চলাই কালি ৰাতি উদ্ধাৰ কৰে ১৮ লাখ টকাৰ পৰা ২০ লাখ মোবাইল লগতে গ্ৰেপ্তাৰ কৰিলে দুই চোৰক ।এই দুই চোৰক গ্ৰেপ্তাৰ কৰি বতৰ্মানে সোধাপোছা চলাই আছে হাইলাকান্দি আৰক্ষীয়ে। ইপিনে চুৰি হোৱা মোবাইলৰ দোকানৰ স্বত্বাধিকাৰীগৰাকীয়ে হাইলাকান্দি আৰক্ষীক ধন্যবাদ জনায়।