নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত ৩৪খন ৰঙালী বিহু সমিতিক ডেৰ লাখকৈ টকাৰ চেক প্ৰদান

বিশেষ বাৰ্তা, ৭ এপ্ৰিল : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিহু সমিতিসমূহক ডেৰ লাখ টকাৰ বিত্তীয় সাহায্য হিচাপে প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। সেইমৰ্মে বঙাইগাঁও জিলাত ৩৪খন ৰঙালী বিহু সমিতিক ইয়াৰ বাবে বাছনি কৰা হৈছিল। আজি এই বিহু সমিতিসমূহৰ মাজত আনুষ্ঠানিকভাৱে ডেৰ লাখ টকাৰ চেক বিতৰণ কৰা হয় ৷ জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত সভাত সমিতিৰ বিষয়ববীয়াসকলৰ মাজত চেক বিতৰণ কৰে । জিলা উপায়ুক্ত ডা: এম এছ লক্ষ্মীপ্ৰিয়াই আজি আনুষ্ঠানিকভাৱে চেকসমূহ বিতৰণ কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে মুখ্যমন্ত্ৰীৰ এই বিত্তীয় সাহায্যখিনি ৰঙালী বিহু উদযাপন কমিটীসমূহক নিশ্চয় বিহু উদযাপনৰ ক্ষেত্ৰত সকাহ দিব। উপায়ুক্তগৰাকীয়ে বিহু কমিটীসমূহক ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰি সুশৃংখলভাৱে জাতীয় উৎসৱটি উদযাপনৰ আহ্বান জনায় ৷ আনহাতে মুখ্যমন্ত্ৰীৰ বিত্তীয় সাহায্যৰ বাবে ৰঙালী বিহু উদযাপন সমিতিসমূহে মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰে ৷ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি (ভাৰপ্ৰাপ্ত) পাৰ্থ সাৰথি জহৰী, বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া ৰুনাভ ৰামছিয়াৰীৰ লগতে মাণিকপুৰ,সৃজনগ্ৰাম,ডাংতলৰাজহ চক্ৰ বিষয়াবৰ্গ উপস্থিত থাকে ৷

প্ৰেৰক উপানন্দ শৰ্মা

You might also like