নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গঁড় খেদিবলৈ অহা হৰি প্ৰসাদ আৰু লক্ষী প্ৰসাদক বিদায় দিলে মাজুলীবাসীয়ে

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : যোৱা ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত কাজিৰঙাৰ পৰা ওলাই অহা তিনিটাকৈ গঁড়ে সন্ত্ৰাস চলাইছিল মাজুলীৰ বিভিন্ন অঞ্চলত। এটা গঁড়ৰ আক্ৰমণত নিহতও হৈছিল নামনি মাজুলীৰ এজন লোকৰ । প্ৰতিদিনেই মাজুলীৰ বন বিভাগৰ লোকে কষ্ট স্বীকাৰ গঁড়টো খেদিবলৈ চেষ্টা কৰিও বিফল হয় মাজুলীৰ বন বিভাগ ৷ ইফালে নামনি মাজুলীৰ লোকজন নিহত হোৱাৰ পিছতেই মাজুলীৰ বন বিভাগে তৎপৰতাৰে মাজুলীৰ পৰা গঁড়টোক কাজিৰঙা অভিমুখে খেদি পঠিয়াবলৈ দুটাকৈ প্ৰশিক্ষণপ্ৰাপ্ত হাতী হৰি প্ৰসাদ আৰু লক্ষী প্ৰসাদক ১৭ ফেব্ৰুৱাৰীত মাজুলীলৈ আনিছিল । কিছু দিন পূৰ্বে মাজুলীত অত্যাচাৰ চলোৱা গঁড়কেইটা কাজিৰঙালৈ ঘূৰি যায় । কিন্ত গঁড় খেদিবলৈ অনা হাতী দুটা পানী বাঢ়ি অহাৰ বাবে আবদ্ধ হৈ আছিল মাজুলীৰ কৰ্দৈগুৰি অঞ্চলত। কৰ্দৈগুৰি অঞ্চলৰ ৰাইজে হাতী দুটাক যোগান ধৰিছিল খাদ্য সামগ্ৰী । কৰ্দৈগুৰি অঞ্চলৰ ৰাইজৰ বাৰীৰ কলগছ, বুটমাহৰে দৈনিক খাদ্য যোগান ধৰিছিল গাঁওখনৰ লোকে । কিছু দিন পূৰ্বে দুয়োটা হাতী উন্মত্ত হৈ পৰিছিল যদিও বৰ্তমান হাতী দুটাক নিয়ন্ত্ৰণলৈ আনিব লৈ সক্ষম হৈছে মাউত। আজি পুৱা দুই ভাতৃ লৈ বনকৰ্মী ৰাওনা হৈছে কাজিৰঙা অভিমুখে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাত হাতী দুটা লখিমপুৰ হৈ কাজিৰঙালৈ ৰাওনা হৈছে বনকৰ্মীসকল ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like