বিশেষ বাৰ্তা, তেজপুৰ, ৮ এপ্ৰিলঃ কুলিৰ মাতে ৰজন জনাই থকা জাতীয় শ্বহীদ বাকৰিত ঢোল-পেঁপাৰ তিহিটি মাতে আৰু গছে-বিৰিখে ন পাতে ৰঙালীৰ বতৰা দিছে। প্ৰতিকূল বতৰ আৰু হাড় কঁপোৱা বতাহকো নেউচি দুই শতাধিক শিশু-কিশোৰীয়ে বিহু নাচি, গাই মুখৰ কৰিছে তেজপুৰৰ জাতীয় শ্বহীদ বাকৰি। ইটোৰ পাছত সিটো বিহু গীতৰ লগেলগে, ঢোলৰ চেৱে চেৱে বিহু নৃত্যৰে মতলীয়া জাক-জাক নাচনী। তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদোগত বিগত বৰ্ষ সমুহৰ দৰে আয়োজিত বিহু নাচ আৰু ঢোল বাদন কৰ্মশলাত দুই শতাধিক শিশু-কিশোৰীয়ে বিহু নাচৰ তালিম লোৱাৰ লগতে ডেৰকুৰি শিশু কিশোৰে তালিম গ্ৰহণ কৰিছে ঢোলৰ। মাজগাঁওৰ লগতে দাঁতিকাষৰীয়া অঞ্চল পৰা অহা শিশু কিশোৰে জাতীয় ছহীদ বাকৰিত মাহ জোৰাকৈ অনুষ্ঠিত কৰা বিহু নাচ, ঢোল আৰু বিহু গীতৰ কৰ্মশালাত নৱীন-প্ৰবীন বিহুৱা বিহুৱতীয়ে প্ৰশিক্ষণ দিছে। পহিলা ব’হাগত সামৰণি পৰিবলগীয়া এই কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলে অনুষ্ঠান পৰিবেশন কৰিব। কৰ্মশালাত প্ৰবীণ বিহুৱা লক্ষী শইকীয়া, জিতেন শইকীয়া, বসন্ত হাজৰিকা, মান্না বৰুৱা, মুকুল নাথ, প্ৰনৱ মহন্ত, নৱীন বিহুৱা অৰ্পন দত্ত বৰুৱা, উদয় কলিতা, মাধুৰ্য বৰাই কৰ্মশালাত ঢোল সংগত কৰাৰ লগতে বিশ্বজিৎ দাসে বাঁহীৰে বিহুৰ কৰ্মশালাক গতিশীলতা প্ৰদান কৰিছে। বিহু নাচ শিকাইছে শ্যামলী মহন্তই আৰু ডেৰ কুৰি শিশু-কিশোৰক ঢোলৰ তালিম দিছে বুবু মেছ আৰু বিশ্বজিৎ বৰাই। উল্লেখ্য যে, প্ৰায় আঢ়ৈশ শিশু-কিশোৰীয়ে গ্ৰহণ কৰা বিহু নাচত অসমীয়া ভাষীৰ উপৰিও হিন্দী, চাদৰী, নেপালী ভাষীয়ে গ্ৰহন কৰিছে তালিম।