নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত কাৰাবন্দীক শুনোৱা হ’ব গায়ত্রী মহামৃত্যুঞ্জয় মন্ত্র

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ উত্তৰ প্রদেশত বন্দীৰ মানসিক শান্তি অক্ষত ৰখাৰ বাবে কাৰাগাৰসমূহত গায়ত্রী আৰু মহামৃত্যুঞ্জয় মন্ত্র মাইকত বজোৱাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্রী যোগী আদিত্য নাথে৷ মুখ্যমন্ত্রীগৰাকীৰ মতে এই দুটা মন্ত্র শুনিলে বন্দীসকলৰ মানসিক অৱস্থাৰ উন্নতি ঘটিব৷ প্রতিমুহূর্ততে বন্দীসকলৰ মন প্রফুল্ল হৈ থাকিব বুলি উল্লেখ কৰিছে যোগীয়ে৷ শুকুৰবাৰে কাৰাগাৰ দপ্তৰৰ তৰফৰ পৰা মুখ্যমন্ত্রীৰ সিদ্ধান্তৰ কথা সদৰী কৰা হৈছে৷

You might also like