লাওখোৱাত ১৭০০ মহিলা হিতাধীকাৰি মাইক্ৰফাইনেন্সৰ চেক বিতৰণ
নিয়মীয়া বাৰ্তা, ৯-এপ্ৰিল: অসম বিধান সভা নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে মাইক্ৰ ফাইনেঞ্চৰ ঋণ লোৱা প্ৰতিজন মহিলাক মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰিব বুলি। সেই প্ৰতিশ্ৰুতি মতে নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ উদ্যোগত আজি লাওখোৱা গাঁও পঞ্চায়তৰ কার্যালয়ৰ সন্মুখত দিন যোৰা কাৰ্যসূচীৰে অসম চৰকাৰৰ নেতৃত্বত ৰাজ্যৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা ১৭০০ শ গৰাকী মহিলাক চেক বিতৰণী এখনি সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ নেতৃত্বত ৰাজ্যৰ মহিলা সকলক ঋণ মাফ তথা চেক বিতৰণ কৰা হয়। উক্ত চেক বিতৰণী সভাত উপস্থিত থাকে বিজেপিৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়া, আৰু লাওখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আনিছ বেৰিয়া , লাওখোৱা উন্নয়ন খণ্ডৰ অধীনত থকা বিভিন্ন পঞ্চায়তৰ পৰা অহা মহিলা সকলে চেক পাই আনন্দ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। লগতে অন্যান্য চৰকাৰী বিষয়া সকলে সভাখনত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াব।
প্ৰেৰকঃ জহিৰুল ইছলাম/ৰূপহীহাট