বৰগাং জ্ঞানম একাডেমী চিনিয়ৰ চেকেণ্ডেৰীত যোগাসন-ধ্যান, হস্ত-শিল্প, কলা, সংগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা সামৰণি
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ পাঠ্য পুথিৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বাহ্যিক জ্ঞান আৰু মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বিহালী বৰগাং জ্ঞানম একাডেমী চিনিয়ৰ চেকেণ্ডেৰীৰ কৰ্তৃপক্ষৰ উদ্যোগত বিদ্যালয় খনত যোৱা চাৰি এপ্ৰিলৰ পৰা আৰম্ভ হোৱা যোগাসন-ধ্যান, শিল্পকলা, সংগীত আৰু সত্ৰীয়া নৃত্যৰ ওপৰত অনুষ্ঠিত এক কৰ্মশালাৰ আজি সফল সামৰণি পৰে। উক্ত কৰ্মশালাত যোগাভ্যাসৰ ওপৰত চেৰেলীয়াৰ মুনমী বিশ্বাস, কুঁহিয়াৰবাৰীৰ সুমনদেৱীআৰু বেদেতীৰ অজিত দাসে, সংগীত আৰু চিত্ৰকলাৰ ওপৰত জিনজিয়াৰ পংখীশ্ৰী বুঢ়াগোহাঁয়ে, হস্ত-শিল্পৰ ওপৰত চেৰেলীয়াৰ খুচবু হাচিনাই আৰু সত্ৰীয়া নৃত্যৰ ওপৰত গাংমৌথানৰ মানস গোস্বামীয়ে প্ৰশিক্ষণ আগবঢ়ায়। আটাইকেইগৰাকী প্ৰশিক্ষকে সাৱলীল ভাবে আগবাঢ়োৱা প্ৰশিক্ষণত ছাত্ৰ-ছাত্ৰী সকলক বিশেষ ভাবে আপ্লুত কৰে আৰু ছাত্ৰ ছাত্ৰী সকলে অধিৰ আগ্রহ প্ৰকাশ কৰা পৰিলক্ষিত হয়। কালি সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰাৰ উপৰি বিভিন্ন গীত নৃত্য পৰিবেশন।কৰে। বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা সঞ্চালক ৰজনীকান্ত শৰ্মা আৰু দিপু শৰ্মাই কৰ্মশালা খনি সুকলমে সম্পন্ন হোৱাত সন্তুষ্টি প্ৰকাশ কৰে আৰু ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকল বিষয় সন্ধৰ্ভত যথেষ্ঠ খিনি উপকৃত হৈছে বুলি আশা প্ৰকাশ কৰি প্ৰশিক্ষক সকলক ধন্যবাদ জ্ঞাপন কৰে। অভিভাৱক সকলেও বিদ্যালয় কৰ্তৃপক্ষৰ এনে উদ্যোগৰ প্ৰতি শলাগ লৈছে।
প্ৰেৰকঃ অমিতাভ বৰুৱা : বৰগাং