দিল্লীত অসমৰ বিধায়কে পৰিষ্কাৰ কৰিলে নেতাজীৰ মূর্তি
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ স্বচ্ছ ভাৰতৰ শ্লোগান দিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনৰ বাবে নেতাজী সুভাষ চন্দ্র বসুৰ প্রতিমূর্তিৰ কোনো মূল্য নাই৷ আনকি জন্মদিৱসতো এলাগী হৈ ৰ’ল নেতাজীৰ প্রতিমূর্তি৷ মাল্যার্পণ কৰাটো দূৰৰে কথা, প্রতিমূর্তিসহ ইয়াৰ চৌদিশ পৰিষ্কাৰ কৰাৰ বাবেও সময় উলিয়াব নোৱাৰিলে স্বচ্ছ ভাৰতৰ চৰকাৰে৷
শেহতীয়াকৈ দিল্লীত বাহৰ পাতি থকা ৰাজ্যৰ একাংশ কংগ্রেছী বিধায়কে বৃহস্পতিবাৰে পুৱাৰ ভাগত উপস্থিত হৈছিল দিল্লীৰ নেতাজী সুভাষ প্লেচত৷ ভাবিছিল সকলোৰ লগতে তেওঁলোকেও নেতাজীৰ প্রতিমূর্তিত মাল্যার্পণেৰে শ্রদ্ধাঞ্জলি দিব৷ পিছে তাত গৈ দেখিলে কোনো লোকতো দূৰৰে কথা, চৌদিশে আৱর্জনাৰ মাজতে নেতাজীৰ প্রতিমূর্তি ধূলি, চৰাইৰ বিষ্ঠাত পোত গৈ আছে৷
কংগ্রেছৰ বিধায়নী দলৰ নেতা দেৱব্রত শইকীয়া, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, ৰূপজ্যোতি কুম্ আৰু প্রাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়েই প্রথমতে নেতাজীৰ প্রতিমূর্তি ধুই চৌহদ পৰিষ্কাৰ কৰি তাৰ পাছত কৰিলে মাল্যার্পণ৷
লক্ষণীয়ভাৱে কংগ্রেছৰ বিধায়নী দলটোৰ মাজত আছিল শ্বহীদ ভগত সিঙৰ নাতি অভয় সিং আৰু তেওঁৰ দুই সহযোগী৷ শ্বহীদ ভগত সিং ব্রিগেড নামেৰে অভয় সিঙৰ এটা সংগঠনো আছে৷ জন্মদিৱসত নেতাজীক স্মৰণ কৰাৰ বাবেই অভয় সিঙে প্রতি বছৰ দিল্লীৰ নেতাজী সুভাষ প্লেচত প্রতিমূর্তিত মাল্যার্পণ কৰে৷
ইপিনে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বক্তব্য– প্রতি বছৰ আমি অসমত নেতাজীৰ জন্মদিৱস পালন কৰোঁ৷ কিন্তু এইবাৰ দিল্লীত থকা বাবে আমি ভাবিলোঁ নেতাজী সুভাষ প্লেচত গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰোঁ৷ কিন্তু ইয়াত আহি যি দৃশ্য আমি দেখা পালোঁ, তাৰ পাছত গম পালোঁ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ প্রকৃত স্বৰূপ৷ নেতাজীৰ নিচিনা স্বাধীনতা সংগ্রামীক এইখন চৰকাৰে কেৱল টুইটাৰতেই স্মৰণ কৰে বুলি বিধায়ক পুৰকায়স্থই কটাক্ষ কৰে৷