নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয়গৰাকী দ্রুত বলাৰ হিচাপে আই পি এলত ১৫০টা উইকেট চাহালৰ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগত দ্রুতগতিত ১৫০টা উইকেট দখল কৰি দ্বিতীয়গৰাকী বলাৰ ৰূপে অভিলেখ ৰচিলে ৰাজস্থান ৰয়েলছৰ তাৰকা স্পিনাৰ ভাৰতৰ য়ুজবেন্দ্র চাহালে৷ দেওবাৰে নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিপক্ষে খেলা মেচখনত চাৰিটাকৈ উইকেট দখল কৰি এই কৃতিত্ব অর্জন কৰে চাহালে৷

ইপিনে, এই কৃতিত্ব অর্জন কৰা চতুর্থগৰাকী ভাৰতীয় বলাৰ ৰূপেও গৌৰৱ অর্জন কৰে লেগ স্পিনাৰ য়ুজবেন্দ্র চাহালে৷ মন কৰিবলগীয়া যে আই পি এলত দ্রুতগতিত ১৫০টা উইকেট দখল কৰা প্রথমগৰাকী বলাৰ হ’ল মুম্বাই ইণ্ডিয়ানছৰ প্রাক্তন পেচ বলাৰ শ্রীলংকাৰ লাছিথ মালিংগা৷ মালিংগাই ১০৫টা ইনিংছত ১৫০টা উইকেট দখল কৰিছিল৷ ভাৰতৰ চাহালে ১১৮টা, ডুৱেইন ব্রেভোই ১৩৭টা, অমিত মিশ্রই ১৪০টা, পীয়ূষ চাওলাই ১৫৬টা আৰু হৰভজন সিঙে ১৫৯টা ইনিংছত ১৫০টা উইকেট দখল কৰিছিল৷

You might also like