নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুসূচিত জাতি উন্নয়ন বৰ্ড নগাঁৱৰ উদ্যোগত বেটেৰীচালিত পাৱাৰ স্প্ৰে মেচিন-চিলাই মেচিন বিতৰণ

বিশেষ বাৰ্তা, ১২ এপ্ৰিলঃ অনুসূচিত জাতি উন্নয়ন বৰ্ড নগাঁৱৰ উদ্যোগত আজি উদ্যমী মহিলাসকললৈ একোটাকৈ চিলাই মেচিন আৰু উদ্যমী কৃষকসকলৰ মাজত খেতিপথাৰত সাৰ- কীটনাশক আদি স্প্ৰে কৰিবলৈ তথা কৃষকসকলৰ সুবিধা হব পৰাকৈ একোটাকৈ পাৱাৰ স্প্ৰে মেচিন বিতৰণৰ শুভাৰম্ভ কৰে অনুসূচিত জাতি উন্নয়ন বৰ্ড নগাঁৱৰ অধ্যক্ষ নৰেন দাসে ৷ ইয়াৰ পূৰ্ৱেও অনুসূচিত জাতি উন্নয়ন বৰ্ড নগাঁৱৰ তৰফৰ পৰা মবাইল টেবলেট, সূতা, গ্ৰেছ চৌকা, প্ৰেছাৰ কুকাৰ,চ’লাৰ প্লেট আদি বিতৰণ কৰি আহিছে ৷ আজি বিতৰণ কাৰ্য্যসূচীত অনুসুচীত জাতি উন্নয়ন বৰ্ড নগাঁৱৰ অধ্যক্ষ নৰেন দাস,বিজেপি নগাঁও জিলা কাৰ্য্যনিৰ্বাহক সদস্য ৰুবুল শৰ্মা,অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ পৰিদৰ্শক অভিজিৎ ফুকন,অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ সদস্য হীৰকজ্যোতি দাস,অনুপম দাস আদি উপস্থিত থাকে ৷ পৰৰ্বতী সময়তো অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ তৰফৰ এনেধৰণৰ সামগ্ৰী বিতৰণৰ কাৰ্য্যসূচী অব্যাহত থাকিব বুলি অধ্যক্ষ নৰেন দাসে জানিব দিছে ৷ আজিৰ এই সামগ্ৰী বিতৰণ কাৰ্যসূচীত ৩০ টাকৈ স্পে মেচিনৰ লগতে ৫০ টাকৈ চিলাই মেচিন বিতৰণ কৰা হয় ৷

প্ৰেৰক কনক হাজৰিকা

You might also like