লাহৰীঘাটত দলে–বলে গৈ শহুৰেকক গুলীয়াই হত্যাৰ ভাবুকি; জোঁৱায়েকসহ আটক ৬
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অধীনস্থ বৰছলা আৰক্ষী চকীৰ অন্তর্গত সাপকাটি গাঁৱত যোৱানিশা এটা হস্তনির্মিত পিষ্টল, সক্রিয় গুলী আৰু এখন বিলাসী গাডীসহ ছজনীয়া যুৱকৰ দল এটাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰ কৰা যুৱককেইজন হ’ল আতিকুল ইছলাম, চাদ্দাম হুছেইন, মজিবুৰ ৰহমান আৰু মাজৰুল আলম৷ আটাইকেইজনৰে ঘৰ নগাঁৱৰ জুৰীয়াত৷ উল্লেখ্য যে ধৃত যুৱকৰ দলটোত থকা ছেলিমউদ্দিনে ৫ বছৰ পূর্বে বিয়া কৰাইছিল বৰছলা আৰক্ষী চকীৰ অন্তর্গত সাপকাটি গাঁৱৰ আৰজ আলীৰ কন্যা আছমিনা খাতুনক৷ দুটি সন্তানৰ পত্নীক দীর্ঘদিন ধৰি নির্যাতন চলাই আহিছিল স্বামী ছেলিমউদ্দিনে৷ অত্যাচাৰ সহিব নোৱাৰি আচমিনাই বিগত দিনত কেইবাবাৰো পিতৃগৃহলৈ গুচি গৈছিল৷
একেদৰে এসপ্তাহ ধৰি সাপকাটিৰ পিতৃগৃহত সন্তানসহ কন্যা আছমিনাই আশ্রয় লৈ থাকিব লগা হৈছে৷ এনে অৱস্থাত ছেলিমউদ্দিনে শহুৰেক আৰজ আলীক ফোন যোগে গুলীয়াই মৰাৰ ভাবুকি দি আহিছিল৷ সেইদৰে কালিও দিনৰ ভাগত ফোন যোগে শহুৰেকক জনাইছিল যে নিশা তেওঁলোকৰ ঘৰলৈ ছেলিমউদ্দিন যাব আৰু কিবা উল্টাপুল্টা কৰিলে গুলীয়াই মাৰিব৷ জোঁৱায়েকৰ এনে ভাবুকিত কম্পিত হৈ থকাৰ সময়তে যোৱানিশা ১১ মান বজাত এ এছ ০২ এ এ–৭৬৮৬ নম্বৰৰ এখন চেণ্ট’ গাডীত জোঁৱাইক ছেলিমউদ্দিনসহ ছজনীয়া যুৱকৰ দল এটা আৰজ আলীৰ ঘৰত উপস্থিত হয় আৰু আৰজ আলীক পিষ্টল দেখুৱাই ভয়–ভাবুকি দি কন্যা আছমিনাক লৈ যাবলৈ চেষ্টা কৰে৷ পিছত লগে লগে স্থানীয় গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ স্থানীয় একাংশ লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱকৰ দলটোক পিষ্টল, গুলীসহ আবদ্ধ কৰি স্থানীয় বৰছলা আৰক্ষীক খবৰ দিয়ে৷
পিছত বৰছলা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া জি ডি নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ যুৱকৰ দলটোক গ্রেপ্তাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় আৰু দলটোৰ পৰা আৰক্ষীয়ে এটা হস্তনির্মিত পিষ্টল, এজাঁই সক্রিয় গুলী জব্দ কৰাৰ লগতে যুৱকৰ দলটোৱে লৈ অহা এ এছ ০২ এএ–৭৬৮৬ নম্বৰৰ চেণ্ট’ গাডীখন জব্দ কৰে৷ ইফালে এই ঘটনা খবৰ পাই নিশাই ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও জিলাৰ উপ–আৰক্ষী অধীক্ষক লুইত তালুকদাৰ, লাহৰীঘাট আৰক্ষী চক্র আৰক্ষী চক্র বিষয়াগৰাকী৷ আজি পুৱা বৰছলা আৰক্ষী চকীত ঘটনা সন্দর্ভত আৰজ আলীয়ে এখন এজাহাৰ দাখিল কৰে৷