নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত ৰঙালীক উষ্ম আদৰণিঃ ঢোল-পেঁপা-গগনাৰ মাতত ৰজনজনালে দিখৌমুখ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অসমীয়াৰ বাপতিসাহোন জাতীয় জীৱনৰ আয়ুসৰেখা ৰঙালী বিহুটি এতিয়া পদূলিমুখত। কুলি-কেতেকীৰ মাত, ঢোল-পেঁপা, গগনাৰ লগতে ঢুলীয়া-নাচনীৰ ভৰিৰ শব্দত লুইতৰ দুয়োপাৰ গুমগুমাই থকাৰ সময়তে দিখৌমুখতো চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। প্ৰতিঘৰ মানুহৰ জীৱৰী-বোৱাৰী বিহুৱান বোৱা, চিৰা-পিঠা খুন্দাত ব্যস্ত থকাৰ বিপৰীতে চেমনীয়াসকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত ৷ যোৱা ৩ এপ্ৰিলৰ পৰা দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অঞ্চলটোৰ দিখৌমুখ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিহু নৃত্য কৰ্মশালাত অঞ্চলটোৰ শ শ নাচনীয়ে অংশগ্ৰহণ কৰিছে ৷ এনে সময়তে আজি দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয় প্ৰাংগণত প্ৰাণঢালি বিহু হুঁচৰি আৰু গুমৰাগ চমানত অংশগ্ৰহণ কৰি হেঁপাহৰ ৰঙালী বিহুটিক উষ্ম আদৰণি জনায় ৷ উল্লেখ্য যে প্ৰতি বছৰে বিদ্যালয়খনে বিহু আদৰণি পালন কৰি আহিছে যদিও এইবাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটি অধিক ৰঙীন কৰি তুলিলে ৷ সহঃ শিক্ষক বুবুল দত্তই আঁত ধৰা আৰু প্ৰধান শিক্ষক ৰঞ্জন বড়াই শুভাৰম্ভ কৰা উক্ত ৰঙালী বিহুৰ আদৰণী কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অংশগ্ৰহণে অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে৷

প্ৰেৰক প্ৰণৱ খাটনিয়াৰ

You might also like