তিনিদিনীয়া কাৰ্যসূচীৰে ৫৯ সংখ্যক তামুলপুৰ মহকুমা ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ ঐতিহ্যমণ্ডিত তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অহা ১৬, ১৭ আৰু ১৮ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাঙ্গণত ৫৯ সংখ্যক ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। আটাইবোৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে ইতিমধ্যে হেমন্ত কুমাৰ ৰাভাক সভাপতি , জ্যোতিষ চন্দ্ৰ দাসক কাৰ্যকৰী সভাপতি , ৰঞ্জিত কুমাৰ শৰ্মা আৰু পবিত্ৰ নাৰ্জাৰীক উপ সভাপতি , নয়নজ্যোতি মহন্তক সম্পাদক , শ্যামল দাস , উৎপল কুমাৰ দাস আৰু ৰঞ্জন কুমাৰ পাঠকক সহকাৰী সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে । কাৰ্যসূচী অনুসৰি ২ ব’হাগ, ১৬ এপ্ৰিলত পুৱা ৯-০০ বজাত ৰঙালী বিহুৰ পতাকা উত্তোলন কৰিব তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ স্থায়ী সভাপতি ডাঃ ৰমেন কুমাৰ কাকতিয়ে। পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰিব তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি জ্যোতিষ চন্দ্ৰ দাস, উপ সভাপতি পবিত্ৰ নাৰ্জাৰী, ৰঞ্জিত কুমাৰ শৰ্মা, ৫৯ সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক নয়নজ্যোতি মহন্ত আৰু তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ সম্পাদক কানু কলিতাই। পুৱা ১১-৩০ বজাত তামুলপুৰ মহকুমা ৰঙালী বিহুৰ মুখপত্ৰ বিশিষ্ট গল্পকাৰ , নিবন্ধকাৰ আৰু কবি জয়ন্ত কুমাৰ কাকতি সম্পাদিত ৰঙিলী উন্মোচন কৰিব তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাই। আবেলি ৫-০০ বজাত মুকলি বিহু আৰু বৈশাগু নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। ৩ ব’হাগ, ১৭ এপ্ৰিলত পুৱা ১০-০০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰিব তামুলপুৰ উন্নয়ন খণ্ডৰ জেষ্ঠ গাণনিক অনিল মেধিয়ে। পুৱা ১১-০০ বজাত ভেশচন প্ৰতিযোগিতা। আবেলি ২-০০ বজাত বিহু গীত, বনগীত আৰু কামৰূপী লোকগীত প্ৰতিযোগিতা উদ্বোধন কৰিব তামুলপুৰৰ প্ৰবীন শিল্পী দেৱেন পাঠকে। সন্ধিয়া ৫-০০ বজাত সৰু বিহুৱতী প্ৰতিযোগিতা। সন্ধিয়া ৭-৩০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীয়ে। ৪ ব’হাগ, ১৮ এপ্ৰিলত পুৱা ৩-০০ বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰিব বি টি আৰৰ পৰিষদীয় সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে। পুৱা ১০-০০ বজাত বিহুৱান প্ৰতিযোগিতা উদ্বোধন কৰিব বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ পত্নী পাৰুল ভড়ালী বড়োৱে । পুৱা ১১-০০ বজাত পিঠা পনা প্ৰতিযোগিতা। আবেলি ৪-০০ বজাত লোক-কৃষ্টি প্ৰদৰ্শন উদ্বোধন কৰিব তামুলপুৰ জিলাৰ উপাযুক্ত সীমান্ত কুমাৰ দাসে। সন্ধিয়া ৬-০০ বজাত বঁটা বিতৰণ আৰু দাতা সকলক সম্বৰ্দ্ধনা অনুষ্ঠান । সন্ধিয়া ৭-০০ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । অনুষ্ঠানত উপস্থিত থাকিব বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, ধৰ্মনাৰায়ন দাস আৰু পৰিষদীয় সদস্য পবিত্ৰ কুমাৰ বড়ো। সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশ কৰিব জনপ্ৰিয় কন্ঠশিল্পী অনুপম শইকীয়া, ফুকন বড়ো, মেঘনা ভূঞা আৰু প্ৰতিমা ব্ৰহ্ম উজীৰে। আটাইবোৰ কাৰ্যসূচীতে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ সভাপতি ডাঃ ৰমেন কুমাৰ কাকতি আৰু সম্পাদক কানু কলিতাই ।