নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ চৰকাৰৰ অৱহেলাৰ বাবে ক’ভিড–১৯ত ৪০ লাখ ভাৰতীয়ই প্রাণ হেৰুৱাইছে বুলি দাবী কৰি কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে পুনৰবাৰ ক’ভিডত প্রাণ হেৰুওৱা প্রতিটো পৰিয়ালক চাৰি লাখকৈ টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে৷ টুইটাৰত নিউয়র্ক টাইমছৰ প্রতিবেদন এটা সন্নিৱিষ্ট কৰি ৰাহুল গান্ধীয়ে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বজুৰি ক’ভিডত কিমান লোকে প্রাণ হেৰুৱাইছে সেই সন্দর্ভত সঠিক গণনা কৰিব খোজাটো ভাৰতে বন্ধ কৰি ৰাখিছে৷ মোদীজীয়ে সত্য কথাও নকয় তদুপৰি আন কথাও ক’ব নিবিচাৰে৷ তেওঁ এতিয়াও মিছা মাতি আছে যে অক্সিজেনৰ অভাৱত এজনো লোক ভাৰতত মৃত্যু হোৱা নাই৷ নিউয়র্ক টাইমছৰ প্রতিবেদনৰ উপৰি ৰাহুল গান্ধীয়ে কয় যে তেওঁ ইতিপূর্বে কেইবাবাৰো কৈছে যে ক’ভিডৰ সময়ত ভাৰতত ৫ লাখ নহয় ৪০ লাখ লোকৰ মৃত্যু ঘটিছে৷
উল্লেখ্য যে ক’ভিড–১৯ত আক্রান্ত হৈ ভাৰতত ৫,২১,৭৫১জন লোকৰ মৃত্যু ঘটা বুলি চৰকাৰী সূত্রত প্রকাশ পাইছে৷ ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত ক’ভিডত কিমানজনৰ মৃত্যু হৈছে সেই সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত কেন্দ্রীয় চৰকাৰে এতিয়াও একো কোৱা নাই৷ এনে সন্দর্ভতে ক’ভিডত মৃত্যু ঘটা লোকৰ সংখ্যাক লৈ প্রশ্ণ উত্থাপন হৈ আহিছে৷ মন কৰিবলগীয়া যে মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ দেশৰ ৰাজ্যসমূহত মৃত্যু হোৱা সঠিক লোকৰ সংখ্যা গোপন কৰা বুলি দেশৰ কেইবাটাও সংবাদ মাধ্যমত প্রচাৰ হৈছিল৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে সংবাদ মাধ্যমৰ তথ্যক নাকচ কৰিছে৷ তত্রাচ শেহতীয়াভাৱে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক ক’ভিডত মৃত্যুৰ সঠিক তথ্য বিচৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷