নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ অবৈধ ধন বিনিয়োগৰ গোচৰৰ অনুসন্ধান চলাই থকা এনফ’চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে এমৱে ইণ্ডিয়া এণ্টাৰপ্রাইজেছ প্রাইভেট লিমিটেডৰ ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে৷ ইডিয়ে জব্দ কৰা সম্পত্তিৰ ভিতৰত তামিলনাডুৰ দিনদিগুলস্থিত এমৱেৰ ভূমি আৰু ফেক্টৰীৰ অট্টালিকাৰ লগতে সা–সঁজুলি, যান–বাহন, বেংক একাউণ্ট আছে৷ ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ–স্থাৱৰ সম্পত্তি আৰু ৩৬টা বেংক একাউণ্টৰ ৩৪৫.৯৪ কোটি টকা জব্দ কৰিছে৷